দলং নিৰ্মাণত বিধায়কৰ বাধাঃ তীব্ৰ প্ৰতিক্ৰিয়া

তেজপুৰঃ চৰকাৰলৈ বাট চাই চাই ভাগৰি পৰা ৰাইজে নিজে গাঁথিৰ ধন ভাঙি কাঠৰ দলং নিৰ্মাণ কৰি থকা অৱস্থাত স্থানীয় অগপ বিধায়ক বৃন্দাবন গোস্বামীয়ে বাধা দিয়াক কেন্দ্ৰ কৰি আজি তেজপুৰৰ ডিপোটা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ডিপোটা অঞ্চলৰ বালিপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কৃষক ৰাইজে বহুদিন ধৰি ডিপোটা নদীৰ ওপৰত থকা তিনিখন জৰাজীৰ্ণ কাঠৰ দলঙেৰে অহা যোৱা কৰি দুৰ্ভোগ ভুগি আহিছে। প্ৰতিবছৰে বান আৰু খহনীয়া কবলত পৰি ৰাইজে জীয়াতু ভুগিছে।

স্থানীয় ৰাইজে বিভিন্ন সময়ত সমস্যা সমাধানৰ আবেদন জনাই অহাৰ পিছত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে তিনিখন দলং নিৰ্মাণৰ আৱণ্টন দি নিবিদা আহ্বান কৰে। তেজপুৰৰ দুজন লোকে কাম লাভ কৰে।

কিন্তু গড়কাপ্তানী বিভাগৰ অন্তৰ্ভূক্ত নোহোৱা পথটোৰ ওপৰৰ দলং কেইখন তেজপুৰৰ বিধায়ক গোস্বামীয়ে দলং তিনিখনৰ পকীকৰণৰ বাবে কাম আৰম্ভ কৰি বিভাগীয়ভাৱে আগবঢ়াৰ কথা কৈ কাঠৰ দলং নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ।

বিগত দিনবোৰত ৰাইজে বিভিন্ন আবেদন জনাই পিছতো কোনো ধৰণৰ সুফল লাভ নকৰাত ৰাইজে আজি ধৰ্ণা কাৰ্যসূচী পালন কৰে । তেতিয়াই বিধায়ক গোস্বামীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে।