
খেৰণিঃ পাহাৰীয় জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত ঠেছ'বিলত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ লংপেন্টৰ পকেটত লৈ থকা অৱস্থাতে মোবাইল বিস্ফোৰণ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হঠাৎ বিস্ফোৰণ হয় ছাত্ৰজনৰ লংপেন্টৰ পকেটত থকা মোবাইলটো
মোবাইল বিস্ফোৰণৰ ফলত গুৰুতৰ ভাবে আঁহত হয় এজন নৱম শ্ৰেণীৰ ছাত্রজন। খেৰণিৰ ঠেছ'বিল গাঁৱৰ প্ৰয়াত আন্দ্ৰেশ হাঞ্চেৰ পুত্ৰ অলবাৰ্ট হাঞ্চে নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজনে এটা চেমছাং মোবাইল লংপেন্টৰ পকেটত লৈ চোতালত থিয় হৈ আছিল।
তেনে অৱস্থাতে ফটকা ফুটাৰ দৰে শব্দৰ ওলাই আৰু ছাত্ৰজনে হুৱাদুৱা লগাই৷ ছাত্ৰজনৰ দেহৰ তলৰ অংশৰ পৰা ধোৱা ওলাবলৈ ধৰে৷ ছাত্ৰজনৰ চিঞৰত ঘৰখনত হুৱাদুৱা লাগে। কাপোৰত জুই লাগিবলৈ আৰম্ভ কৰাৰ সময়তে পৰিয়ালৰ লোকৰ চেষ্টাৰ ফলত জুই নুমুৱাই যদিও সো-ভৰিখন কিছু অগ্নিদগ্ধ হয়৷
আনহাতে মোবাইলটো জ্বলি যায়৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ছাত্ৰজনক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মোবাইল বিস্ফোৰণৰ ঘটনা সময়ে সময়ে সংঘটিত হোৱাৰ নজিৰ পোৱা গৈছে অথবা তেনে ঘটনা পৰিলক্ষিত হৈ আহিছে ৰাজ্যখনত।