
newsnextone.com | ওদালগুৰিঃ বিগত ২০১৬ চনত দেশৰ শাসনভাৰ লৈয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনসাধাৰণৰ জীৱন সুৰক্ষাৰ বাবে আৰম্ভ কৰিছিল বীমাকৰণৰ ব্যৱস্থা। প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ অভিযানৰ অধিনত প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনি আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি নামেৰে দুখন বীমা আঁচনি বিগত ২০১৬ চনতেই আৰম্ভ কৰিছিল।
বীমা আঁচনি দুখনৰ প্ৰতি জনসাধাৰণক আকৰ্ষণৰ উদ্দেশ্যে কোটি কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল যদিও বীমা আঁচনি অসমত ব্যৰ্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে। কিয়নো বিগত দুটা বছৰত অসমৰ মাত্ৰ ৩% লোকেহে এই দুখন আঁচনিত অন্তৰ্ভুক্ত হৈছে। ফলত দুয়োখন আঁচনি কেৱল বেংক-প্ৰতিষ্ঠানৰ হাতত সীমাবদ্ধ নাৰাখি ভাৰতীয় বীমা নিগমৰ হাতত অৰ্পন কৰা বুলি ওদালগুৰিত সাংবাদিকৰে হোৱা মত বিনিময়ত প্ৰকাশ কৰে ভাৰতীয় বীমা নিগমৰ পৰিচালন সঞ্চালকৰ নেতৃত্বত অহা এটি সজাতি দলে।
পৰিচালন সঞ্চালক হেমন্ত ভাৰ্গৱৰ নেতৃত্বত অহা ভাৰতীয় জীৱন বীমাৰ এটি উচ্চস্তৰীয় সজাতি দলে শনিবাৰে ওদালগুৰিত উপস্থিত হৈ আৱৰ্ত ভৱনত সাংবাদিকৰে সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত পৰিচালন সঞ্চালকগৰাকীয়ে কয় যে আঁচনি দুখনৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যে ভাৰতীয় বীমা নিগমৰ দ্বাৰা বিভিন্ন প্ৰান্তত সজাগতা অভিযান আৰম্ভ কৰা হৈছে।
তেওঁ লগতে কয় যে বিগত দুটাবছৰ পূৰ্ৱেই এই আঁচনি দুখন আৰম্ভ কৰা হৈছিল যদিও অতি দুৰ্ভাগ্যজনকভাৱে আঁচনি দুখনৰ প্ৰতি জনসাধাৰণৰ সহাৰি কম হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। লগতে দলটোত অহা আন লোকসকলে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা যোজনাখনৰ দ্বাৰা ১৮-৭০ বছৰ বয়সৰ ভিতৰত প্ৰতিজন লোকে বছৰি ১২ টকাকৈ বীমা কৰিলে যিকোনো ধৰণৰ দুৰ্ঘটনাত মানুহজনৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালৰ লোকে দুইলাখ টকা লাভ কৰিব।
আনহাতে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমাৰ জৰিয়তে ১৮-৫৫ বছৰ বয়সৰ কোনো লোকে বছৰি ৩৩০ টকাকৈ বীমা কৰিলে লোকজনৰ যিকোনো ধৰণৰ মৃত্যুত পৰিয়ালৰ লোকে দুইলাখ টকাকৈ অৰ্থ সাহায্য লাভ কৰিব। এই বীমা এবাৰ কৰাৰ পাছত প্ৰতিবছৰে বেংকসমূহে নিজাববীয়াকৈ গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা এই ধন কাটি নিব।
এই আচনিৰ ক্ষেত্ৰত কোনো ধৰণৰ বীমা পলিচী নাথাকে যদিও বেংকৰ পৰা টকা কাটি নিয়া তথ্যৰ জৰিয়তে অতি সহজে বীমা আঁচনি দুখনৰ সুবিধা লাভ কৰিব পাৰিব। ইতিমধ্যে বিটিচি অঞ্চলৰ ওদালগুৰি জিলাত ৫জন, বাক্সা জিলাৰ ২৩ জন আৰু কোকৰাঝাৰ জিলাৰ ৪০ জন হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিছে। মত বিনিময় অনুষ্ঠানৰ অন্তত ওদালগুৰিৰ মণপুৰত অনুষ্ঠিত এখন সভাত ওদালগুৰিৰ হিতাধিকাৰীসকলৰ মাজত এই ধন বিতৰণ কৰা হয়। বিষয়া সুৰজিৎ সাহাই আঁত ধৰে সভাখন। প্ৰতিনিধি দলটোত উপস্থিত থাকে জীৱন বীমাৰ মাণ্ডলিক বিষয়া এম কে কেমু, এচডিএম বিষয়া এম আৰ চাহু।