এজন অপৰিপক্ক প্ৰধানমন্ত্ৰীক ভাৰতে স্বীকাৰ নকৰে, ৰাহুলক কটাক্ষ কৰি ক’লে নৰেন্দ্ৰ মোডীয়ে

newsnextone.comডিজিটেল ডেস্কঃ মঙলবাৰে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক সাংবাদিকে সোধা এটি প্ৰশ্নৰ উত্তৰত তেওঁ ২০১৯ চনত কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা লাভ কৰিলে প্ৰধানমন্ত্ৰী হোৱাৰ কথা ঘোষণা কৰিছিল৷

তাৰ পিছতে বুধবাৰে কৰ্ণাটকৰ এখনি নিৰ্বাচনী জনসভাত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক তেওঁৰ উচ্চাকাংক্ষাৰ বাবে ইতিকিং কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী জনসভাত কংগ্ৰেছ অধ্যক্ষগৰাকীৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁক ‘অহংকাৰী’ আৰু ‘অপৰিপক্ক’ বুলি কৈ দেশৰ জনতাই তেনে এজন প্ৰধানমন্ত্ৰীক সমৰ্থন কৰিব নেকি বুলি প্ৰশ্ন কৰে৷ 

‘‘তেওঁ সেই কথাবোৰৰ দৰেই এই কথাষাৰো উল্লেখ কৰিছে যিবোৰ কথাই কেতিয়াও মূল্য নাপায়৷ কোনোবাই নিজকে প্ৰধানমন্ত্ৰী হিচাপে কেনেদৰে ঘোষণা কৰিব পাৰে? এয়া অহংকাৰৰ বাহিৰে আন একো নহয়৷ ভাৰতে এনে এজন অপৰিপক্ক প্ৰধানমন্ত্ৰী স্বীকাৰ কৰিবনে? মোডীক ক্ষমতাৰ পৰা পদচ্যুত কৰাৰ কাৰণে বৃহৎ বৈঠক আয়োজন কৰা হৈছে৷ কিন্তু এই বৈঠকৰ জৰিয়তে কেনেদৰে মোডীক পদচ্যুত কৰিব পৰা যাব?’’ কৰ্ণাটকৰ কোলাৰ জিলাত এখন নিৰ্বাচনী জনসভাত অংশ লৈ নৰেন্দ্ৰ মোডীয়ে কয়৷ 

ৰাহুল গান্ধীয়ে মঙলবাৰে নিজৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা প্ৰকাশ কৰি মোডীয়ে দ্বিতীয় চৰকাৰ গঠন কৰাটো অসম্ভৱ বুলি মন্তব্য কৰে৷ তেওঁ কয়, ‘‘এজন ৰাজনৈতিক বিশ্লেষক হিচাপে মই আপোনালোক কম - মই যি কম সেয়া শুনি আপোনালোকে হাঁহিবও পাৰে - বিজিপিয়ে দ্বিতীয় চৰকাৰ গঠন কৰাটো অসম্ভৱ কথা৷ আৰু এয়াও অসম্ভৱ যে নৰেন্দ্ৰ মোডীয়ে ২০১৯ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিব৷’’

সকলো বিৰোধী দলে বিজেপি আৰু আৰএছএছক শাসনৰ পৰা পদচ্যুত কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে বুলিও মঙলবাৰে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে মন্তব্য কৰিছিল কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷