এই পৰ্যন্ত বিজেপি ৪৯ শতাংশ, কংগ্ৰেছৰ ৪২ শতাংশ ভোট লাভ, মোদীৰ ভিক্টৰী

ndtv
ndtv

গুজৰাটঃ পুৱাৰে পৰা এই পৰ্যন্ত গণনা কৰা ভোটৰ বিজেপিয়ে ৪৯ শতাংশ ভোট লাভ কৰাৰ লগতে কংগ্ৰেছে ৪২ শতাংশ ভোট লাভ কৰিছে৷ এই তথ্য আগবঢ়াইছে নিৰ্বাচন আয়োগে৷ আনহাতে ভোটৰ ফলাফলৰ পিছতে সংসদত মোদীয়ে সন্তোষ প্ৰকাশ কৰে৷

ইপিনে পূৰ্বৰ দখলত থকা ৩৬টা বিধান সভা সমষ্টিত বিজেপিয়ে পিছ পৰি ৰোৱাৰ লগতে পূৰ্বৰ কংগ্ৰেছৰ দখলত থকা ২৪টা সমষ্টিত কংগ্ৰেছ পিছ পৰি ৰৈছে৷ গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে প্ৰথমাৱস্থাত কেইবা হাজাৰ ভোটত পিছ পৰি আছিল যদিও শেহতীয়াকৈ ১০ হাজাৰ ভোটত আগবাঢ়ি আছে৷ দলিত নেতা জীগনেছ মেৱানীও বহু ভোটত আগবাঢ়ি আছে৷

গৃহ মন্ত্ৰী ৰাজ নাথ সিঙে দুয়ো খন ৰাজ্যত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কয়৷ ১৮২টা আসনৰ বিধান সভা নিৰ্বাচনৰ কংগ্ৰেছে পূৰ্ব অনুমান কৰা অনুযায়ী ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছিল৷ কেইটামান ৰাউণ্ড ভোট গণনাৰ পিছত কংগ্ৰেছ বিজেপিয়ে সমানে সমানে আগবাঢ়িছিল যদিও সময় যোৱাৰ লগে লগে বিজেপিয়ে সংখ্যা গৰিষ্ঠতাৰ দিশে আগবাঢ়িছে ৷

বিভিন্ন সমীক্ষাত গুজৰাটত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দেখুওৱা হৈছিল৷ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰায় ৭ মাহৰ পূৰ্বৰ পৰাই গুজৰাটত ব্যাপক প্ৰচাৰ কৰিছিল৷ প্ৰধানমন্ত্ৰী মোডীও পিছ পৰি থকা নাছিল৷ GST কাৰ্যকৰী কৰাৰ পিছত ব্যৱসায়ীৰ আন্দোলন তীব্ৰতৰ হৈ পৰিছিল৷ তাৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সোমাবৰে পুৱাৰে পৰা ৰাজ্য খনৰ বিভিন্ন জিলাত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে৷ বিজেপিয়ে ১০৫, কংগ্ৰেছে ৭২ আৰু অন্যান্যই ৪টা সমষ্টিত আগবাঢ়ি আছে৷