
তুলসীবাৰীঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত লাহে লাহে যেন পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতি পাহৰিব ধৰিছে অসমীয়াই৷ ইতিমধ্যে বহু পৰম্পৰাগত খেল-ধেমালি, নাচ-গান অসমৰ বুকুৰ পৰা বিলুপ্ত হ’ল৷ তাৰ মাজতো যেন একাংশ লোকে লোক সংস্কৃতিক ধৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে৷
অসমীয়া লোক সংস্কৃতিৰ অন্যতম আপুৰুগীয়া অংগ মহখেদা উত্সৱ৷ আঘোণ মাহৰ পূৰ্ণিমা তিথিত নামনি অসমৰ ভিন্ন প্ৰান্তত পালন কৰা দলীয় কৃষ্টিৰ সমাহাৰ মহ খেদা উতসৱ৷ কৃষিজীৱি ৰাইজৰ সহজ সৰল গ্ৰাম্য জীৱনৰ সৈতে সংপৃক্ত মহখেদা লোক উৎসৱৰ মাজেৰে পৰিষ্ফুত হয় সৰল তথা নিৰ্ভেজাল এখন ছবি৷
আঘোন মাহৰ পূৰ্ণিমাৰ নিশা প্ৰচণ্ড শীতৰ প্ৰকোপক নেওচি জকাইচুকৰ লোকে একগোট হৈ পৰিবেশন কৰে মহ খেদা গীত৷ বিহু হুচৰীৰ পৰিৱেশন পদ্ধতিৰ সৈতে মহখেদা গীতৰ বিশেষ মিল থকা অনুষ্ঠানত হাতে হাতে টোঙোন লৈ দল বান্ধি অসম শিল্পী সন্থাৰ উদ্যোগত শিল্পী দলে ৰঙিয়াৰ বিভিন্ন ঠাইত পৰম্পৰা অনুয়ায়ী পৰিবেশন কৰা দেখা যায়৷ নামনি অসমৰ প্ৰচলিত উপ-ভাষাৰ প্ৰয়োগেৰে গীত-নৃত্যৰ প্ৰয়োগৰে তেনেই উপভোগ্য হৈ পৰে অসম শিল্পী সন্থাৰ জকাইচুকৰ কৃষ্টি৷
পৰিৱৰ্তনৰ ধামখুমীয়াত ক্ৰমাগত ভাবে বিলুপ্ত হ’ব ধৰা গ্ৰাম্য জীৱনৰ মাদকতা উপলব্ধিৰ অনন্য অনুষ্ঠানটিত অংশগ্ৰহণ কাৰী অসম শিল্পী সন্থাৰ সভাপতি পংকজ পল্লব শৰ্মা, সম্পাদক প্ৰণব কুমাৰ ডেকাৰ উদ্যোগত কেবাগৰাকী শিল্পীৰ অংশগ্ৰহনৰে ৰঙিয়া প্ৰেছ ক্লাব, ৰঙিয়া আৰক্ষী থানাকে ধৰি বিভিন্ন স্থানত ৰূপায়ণ কৰে মহখেদা উত্সৱ৷