
গুৱাহাটীঃ আজি মহা নৱমী৷ হিন্দু সম্প্ৰদায়ৰ ধর্মীয় উৎসৱ শাৰদীয় দুর্গাপূজাৰ আজি চতুর্থ দিন৷ শুকুৰবাৰে উলাহ-মালহেৰে মহানৱমী পালন কৰিব ৰাজ্যবাসীয়ে। শুকুৰবাৰে পুৱাৰে পৰা দেৱী দুৰ্গাৰ ভক্তই পূজা মণ্ডৱ সমুহত ভীৰ কৰিছে৷ হাতে হাতে পুস্পাঞ্জলী লৈ থিয় হৈ থকা পৰিলক্ষিত হৈছে শ শ ভক্তক৷ মহা ধূমধামেৰে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ৰাইজ হিল-দল ভাঙি নৱমীৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে৷
বৃহস্পতিবাৰে মহাষ্টমী পালন কৰাৰ পিছত নৱমীৰ বাবে সাজি-কাছি ওলাই আহিছে আৱাল, বৃদ্ধ, বনিতা৷ বৃহস্পতিবাৰে নিশা ৯-৪৫ পৰা শনিবাৰৰ পুৱা ৯-৫৮ বজাত মহানৱমীৰ পূজা সমাপন কৰিব বুলি জানিব পৰা গৈছে৷ মহানৱমীত যজ্ঞ অনুষ্ঠিত কৰাৰো প্ৰবাদ আছে বুলি জানিব পৰা যায়৷ মহানৱমীত ভক্তই দেৱী দুৰ্গাক দেশ, জাতী, বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাব৷
ৰামচন্দ্ৰই লংকা অধিপতি ৰাৱণ বধ কৰাৰ সময়ত নৱমী তিথিত ১০৮টা পদুম ফুল দি দেৱী দুৰ্গাক পূজা কৰিছিল৷ পৰম্পৰা অনুযায়ী ১০৮টা পদুম দি ধাৰ্মীকৰ গ্লানি, অধৰ্মৰ ৰোধ, সাধুৰ ৰক্ষা, অসুৰ বধৰ বাবে দুৰ্গাৰ ধৰালৈ আহে৷ এই সময়তে দুৰ্গা দেৱীৰ চৰণত সকলোৱে শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব৷ যাৰ বাবে যজ্ঞৰ মাধ্যমেৰে দেৱী দুৰ্গাক আহুতি দিয়ে ভক্তই৷ আনহাতে মহানৱমীৰ নিশা গুৱাহাটী মহানগৰীৰ কেবাখনো পূজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি পৰিচালনা সমিতিয়ে জনায়৷
বৃহস্পতিবাৰে দুর্গাৎসৱৰ সকলোতকৈ আকর্ষণীয় কিশোৰী পূজা অনুষ্ঠিত হৈ যায়। দুর্গাদেৱীৰ চৰণত পুৱাৰে পৰা ভক্তসকলে পুষ্পাঞ্জলী দি মহাষ্টমী পালন কৰি কিশোৰীৰ মাজত শুদ্ধ নাৰীৰ ৰূপ চিন্তা কৰি দেবীৰূপে পূজা কৰে৷ ৰাজ্য জুৰি এতিয়া দুৰ্গা পূজাৰ উলাহ৷ সকলোৰে দেৱী দুৰ্গাক সেৱা এটি কৰিবলৈ ভক্তি ভাৱেৰে ঘৰৰ পৰা ওলাই আহিছে৷