
গুৱাহাটীঃ আজি মহাষ্টমী৷ মহাষ্টমীৰ মূল আকর্ষণ কিশোৰী পূজা৷ দুর্গাৎসৱৰ সকলোতকৈ আকর্ষণীয় এই কিশোৰী পূজা। মহাষ্টমীত দুর্গাদেবীৰ চৰণত পুৱাৰে পৰা ভক্তসকলে পুষ্পাঞ্জলী দিয়ে। মহাষ্টমীতে কিশোৰীৰ মাজত শুদ্ধ নাৰীৰ ৰূপ চিন্তা কৰি দেবীৰূপে পূজা কৰা হয়৷ ৰাজ্য জুৰি এতিয়া দুৰ্গা পূজাৰ উলাহ৷ সকলোৰে দেৱী দুৰ্গাক সেৱা এটি কৰিবলৈ ভক্তি ভাৱেৰে ঘৰৰ পৰা ওলাই আহিছে৷
উজনি-নামণিৰ লগতে গুৱাহাটী মহানগৰতো দেখা গৈছে পূজাৰ ব্যাপক উলাহ৷ আৱাল, বৃদ্ধ, বনিতা, ডেকা সকলোৱে সাজি-কাছি পূজাৰ মণ্ডপলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ ভেটাপাৰা, ঘোৰামাৰা, গনেশগুৰী, হাতীগাঁও, নাৰেংগী, বৰবাৰী, চান্দমাৰী, বেলতলা আদিৰ লগতে প্ৰায় শতাধিক পূজা মণ্ডপত ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে৷ বৃহস্পতিবাৰে সন্ধি পূজাৰ অন্তত শেষ হ’ব মহাষ্টমী।

তাৰ পিছৰে পৰা আৰম্ভ হ’ব মহানৱমীৰ৷ প্ৰবাদ মতে মহাষ্টমীত কিশোৰীক নাৰী শক্তিৰূপে চিহ্নিত কৰি পূজা কৰা হয়৷ শাস্ত্র মতে নাৰীৰ পৰমার্থ দর্শন তথা পৰমার্থ অর্জন হয়। বিশ্ব ব্রহ্মান্দৰ ত্রিশক্তিৰ দ্বাৰা প্রতিনিয়ত সৃষ্টি, স্থিতি আৰু প্রলয় হৈ আহিছে৷ সেই ত্রিবিধ শক্তি নাৰীৰ তাত নিহিত হৈ থাকে। কিশোৰী সকলক ঈশ্বৰ ভাব আৰোপ কৰোৱাৰ লক্ষ্যৰে সাধনা কৰা হয়। যেনেদেৰ ৰামকৃষ্ণই স্ত্রীক ষোড়শীজ্ঞান কৰি পূজা কৰিছিল।
একপ্ৰকৰ মহাষ্টমীত নাৰী শক্তিক পূজা কৰা হয়৷ কিশোৰী পূজা সন্দৰ্ভত শ্রীৰামকৃষ্ণই ‘সকলো স্ত্রী ভগবতীৰ এক স্বৰূপ। শুদ্ধাত্মা কুমাৰীতে ভগবতীৰ ৰূপ প্রকাশ পায়। সকলো নাৰীৰ মাতৃৰূপ উপলব্ধ কৰাই কিশোৰীক পূজাৰ প্রধান লক্ষ্য বুলি কয়'।বৃহস্পতিবাৰে সন্ধি পুজাৰ অন্ত পৰাৰ লগে লগে শুকুৰবাৰে নৱমীৰ বাবে ওলাই আহিব দুৰ্গা ভক্তসকল।
মুঠৰ ওপৰত মহা ধূমধামেৰে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ৰাইজ হিল-দল ভাঙি দুৰ্গা পূজাৰ বাবে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে৷ প্ৰতি খন পূজা মণ্ডপত হাতত পুস্পাঞ্জলী লৈ থিয় হৈ থকা পৰিলক্ষিত হৈছে শ শ ভক্তক৷ দুৰ্গা পূজা আৰু জিলাপীৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে৷ প্ৰতিবছৰৰ দৰে এইবেলিও জিলাপীৰ আদৰ বঢ়া পৰিলক্ষিত হৈছে৷ প্ৰতি খন পূজা মণ্ডপৰ ওচৰে পাজৰে মিঠাই বিক্ৰি কৰি থকা পৰিলক্ষিত হৈছে৷