
কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিদিনে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোহিত চৌহান মহলবাৰে কাজিৰঙাত উপস্থিত হয়। ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বৰগছ নামৰ ব্যক্তিগত অতিথিশালাত নিশা পাৰ কৰে কন্ঠশিল্পী চৌহানে৷
বুধাবৰে চৌহানে কাজিৰঙা উদ্যান পৰিদৰ্শন কৰে। ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি আপ্লুত হৈ পৰা কণ্ঠশিল্পীগৰাকীয়ে 'আমি গৌৰৱান্বিত যে আমাৰ দেশত অসম নামৰ এখন ৰাজ্য আছে, য'ত কাজিৰঙাৰ দৰে ইমান সুন্দৰ ঠাই আছে। কাজিৰঙাৰ বিষয়ে শুনা পাই আছিল যদিও কেতিয়াও অহা নাছিল বুলি কয়৷
অৱশ্যে, প্ৰথম বাৰৰ বাবে আহি তেওঁ বেচ আনন্দিত হৈছে বুলি জনায়। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ যোৱাৰ সময়ত গঁড়কে ধৰি বিভিন্ন বন্যপ্ৰাণী তেওঁ দেখা পোৱাৰ কথাও অৱগত কৰে সংবাদ মাধ্যমৰ সন্মুখত৷ অসমৰ মানুহৰ আতিথ্যত মুগ্ধ হোৱা বুলিও কয় তেও৷
অসমৰ বিহুকে ধৰি কৃষ্টি-সংস্কৃতি বৰ সুন্দৰ। মঙলবাৰে নিশা কাজিৰঙাৰ কাজিফুল যুৱ সংঘ নামৰ বিহু দলটোৱে বৰগছ ৰিচৰ্টত বিহু নৃত্য প্ৰদৰ্শন কৰিছিল। কণ্ঠশিল্পী চৌহান Job we met, Dhoom-3, Rockstar, Bojrangi Bhaijan আদি বলিউডৰ বিভিন্ন জনপ্ৰিয় বোলছবিত কণ্ঠদান কৰিছে।