
newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ চৰকাৰ তথা বিভিন্ন সংস্থাই জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ বাবে চিন্তা চৰ্চা কৰি আহিছে৷ সেই সময়ত চুবুৰীয়া ৰাজ্য মিজোৰামৰ জাতীয় সংগঠন ইয়ং মিজো এচোছিয়েছনে মিজো জনসাধাৰণক অধিক সন্তান জন্ম দিয়াৰ আহ্বান জনায়৷
দেশৰ ভিতৰত মিজোৰাম আৰু অৰুণাচলৰ জনবসতি তথা জনসংখ্যা বহু কম৷ ২০১১ চনৰ লোকপিয়ল মতে মিজোৰামৰ মুঠ জনসংখ্যা হৈছে ১১ লাখ৷ যাৰ ফলত মিজোৰামৰ জাতীয় সংগঠন ইয়ং মিজো এচোছিয়েছনে মিজোবাসীক অধিক সন্তান জন্ম দিয়াৰ আহ্বান জনায়৷
ইয়ং মিজো এচোছিয়েছনে কয় ‘‘মিজোৰামত প্ৰচুৰ খালি ঠাই আছে৷ জনসংখ্যাৰ নিৰিখ মতে আমাৰ ৰাজ্য বিহাৰ আৰু উত্তৰ প্ৰদেশৰ এখন জিলাৰ সমান৷ আমাৰ জনসংখ্যা বছৰি ২.৫ শতাংশলৈ বৃদ্ধি কৰা উচিত৷’’ মিজোৰামৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৫-১.৭ শতাংশ৷ ইয়ং মিজো এচোছিয়েছনৰ সভাপতি ভ্যেনলাল ৰূট্টাই জনসংখ্যা বৃদ্ধি নহলে আমি একো কৰিব নোৱাৰিম বুলি কয়৷