লুখুৰাখন গাঁৱত কি কৰিছে অখিল গগৈয়ে...

মৰিয়নীঃ বিভিন্ন আন্দোলন-প্ৰতিবাদেৰে ৰাইজৰ সমস্যা চৰকাৰৰ আগত দাঙি ধৰা অখিল গগৈক সততে দেখা যায় কান্ধত এটা কাপোৰৰ মোনা লৈ ৰাজপথত প্ৰতিবাদৰ নেতৃত্ব দিয়া অৱস্থাত। এয়াই তেওঁৰ পৰিচিত দৃশ্য।

কিন্ত মঙলবাৰে গগৈৰ এক বিপৰীত ছবি দেখা গ'ল। মৰিয়নীৰ চেলেংহাটৰ লুখুৰাখনৰ বাসগৃহত অকলশৰে বাস কৰা মাতৃ প্ৰিয়দা গগৈক পথাৰৰ কামত সহায় কৰাৰ বাবে তেওঁ নিজ গৃহত উপস্থিত হোৱা দেখা গ'ল৷

এইকেইদিন ধান চপোৱাৰ পাছত নিজ গাঁৰৰ পথাৰত মাছ ধৰাত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে কৃষক নেতাজনক। অখিল গগৈৰ পুত্ৰ তথা গুৱাহাটী জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ নাচিকেতা গগৈকো মাছ ধৰা, পথাৰত চেচু খন্দা তথা কৃষিকৰ্মৰ জ্ঞান প্ৰদান কৰিছে অখিল গগৈয়ে।

পথাৰত গাঁওবাসীৰ সৈতে তেওঁ মাছ ধৰিছে। লুখুৰাখন গাঁৱৰ মাজৰে যোৱা ৰে'ল পথৰ দুয়ো পাৰে থকা বিশাল পথাৰৰ মাজত থকা কেইবাটাও পুখুৰী দেহুটি আৰু লাহনি লৈ  সিঁচাৰ লগতে পুখুৰীত নামি মাছ ধৰে কৃষক নেতাগৰাকীয়ে।.    

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গগৈয়ে কয় যে অসমৰ পথাৰত জলসিঞ্চনৰ পৰ্যাপ্ত সা-সুবিধা নথকাৰ বাবে অসমৰ খেতিয়কে আজিও বতৰৰ ওপৰতে নিৰ্ভৰশীল। ফলত অসমৰ খেতিয়কে বছৰেকত পথাৰত মাত্ৰ এবাৰহে শস্য উৎপাদন কৰিবলে সক্ষম হয় বুলি আক্ষেপ প্ৰকাশ কৰে তেওঁ। 

গগৈয়ে লগতে কয় যে পানীৰ অভাবৰ বাবেই  গাঁওবাসী তথা চেলেংহাটৰ পথাৰত ক্ৰমাৎ শস্যৰ উৎপাদন কমি আহিবলৈ ধৰিছে। যাৰ বাবে কৃষকসকল হতাশ হৈ অন্য কৰ্মত নিয়োজিত হোৱা লগতে বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যাবলৈ বাধ্য হৈছে।

সেয়ে কৃষক নেতাগৰাকীৰ গাঁৱত সমীপৰ জাঁজী নদীৰ পানী উত্তোলন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজা প্ৰচেষ্টাৰে বছৰত তিনিবাৰ শস্য উৎপাদন কৰা হ'ব বুলি জানিবলৈ দিয়ে। অনুৰূপধৰনে নতুন বছৰৰপৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উজনি অসমৰ ৭খন নদী কাষৰীয়া গাঁৱত পৰীক্ষামূলকভাৱে তথা কৃত্ৰিমভাৱে পানী যোগানৰদ্বাৰা বছৰত এখন পথাৰত তিনিবাৰ শস্য উৎপাদন আৰম্ভ কৰা হ'ব বুলিও জানিবলৈ দিয়ে।.

ইপিনে বহুদিনৰ পাছত নিজ গৃহত খেতি চপোৱাৰ বতৰত নিজ পুত্ৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল অখিল মাতৃ প্ৰিয়দা গগৈ। 

উল্লেখ্য যে সপ্তম শ্ৰেণীৰপৰাই পিতৃৰ সৈতে কৃষিকৰ্ম কৰি অহা গগৈয়ে মঙলবাৰে নিশা নিজ গৃহত হাঁহ, কোমোৰা তথা পথাৰত ধৰা মাছৰ বিবিধ থলুৱা সুস্বাদু ব্যঞ্জনৰে ন-খোৱাৰো আয়োজন কৰে। আনহাতে কৃষক নেতাগৰাকীক বহু দিনৰ পাছত কাষতে পাই গাঁওবাসীও উৎফুল্লিত হৈ পৰা লগতে অঞ্চলটোৰ ৰাইজৰ লগত বিভিন্ন বিষয়ৰ ওপৰত আলোচনাত মিলত হয়।