নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত সাংবাদিক সংস্থাৰ প্ৰতিবাদী সভা

♦ লাহৰীঘাট-মৈৰাবাৰী প্ৰেছ ক্লাবৰ লগতে ২০ টাতকৈও অধিক দল সংগঠনৰ অংশগ্ৰহণ

মৰিগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শুকুৰবাৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাই এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

সংস্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত লাহৰিঘাট আৰু মৈৰাবাৰী প্ৰেছ ক্লাবৰ লগতে ২০ টাতকৈও অধিক দল-সংগঠনৰ নেতৃত্ব আৰু মৰিগাঁৱৰ বহু কেইজন জ্যেষ্ঠ নাগৰিক, সাহিত্যিক, বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰে। 

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথে আঁত ধৰা আৰু সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সঞ্চালনা কৰা প্ৰতিবাদী সভাখনত তিৱা ভাষা গৱেষক মনেশ্বৰ দেউৰী, সাহিত্যিক মিলেশ্বৰ পাতৰ, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকা, জ্যেষ্ঠ নাগৰিক ডাঃ নকুল বৰুৱা, প্ৰাক্তন আছু নেতা শান্তনু শৰ্মা, জিলা আছুৰ সভাপতি হিমাংশু মহন্ত, যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ললিত চন্দ্ৰ পাচনি, মাছৰ সচিব মানিক নাথ, প্ৰাক্তন টাউন সমিতিৰ সভাপতি দিলীপ দাস, জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত, খিলঞ্জীয়া সুৰক্ষা সমিতিৰ উপদেষ্টা বিশ্ব ৰাজভৰ, জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ৰমেশ কাকতি, মৈৰাবাৰী প্ৰেছ ক্লাবৰ হৈ নচিদুৰ ৰহমান, লাহৰীঘাট প্ৰেছ ক্লাবৰ হৈ প্ৰদীপ ডেকাকে ধৰি বহু কেইজনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বক্তব্য প্ৰদান কৰে।

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ উপদেষ্টা ড০ নৱকান্ত বৰদলৈ, প্ৰাক্তন সভাপতি প্ৰতাপ হাজৰিকা, উপ-সভাপতি বিৰিঞ্চি কুমাৰ ডেকা প্ৰাক্তন সম্পাদক অজিত শৰ্মা আদিৰ লগতে পেঞ্চনাৰ সন্থা, চেম্বাৰ অব্ কমাৰ্চ, বিহুতলীৰ উন্নয়ন সমিতি আদি কৰি একাধিক দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী সভাখনত  নাগৰিকত্ব সংশোধনী বিধেয়ক খন শীঘ্ৰেই প্ৰত্যাহাৰ দাবী জনাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। 

ইয়াৰ ভিতৰত আছে গ্ৰাম্য অঞ্চলত জনসাধাৰণক সজাগ কৰিবলৈ, কেন্দ্রীয় চৰকাৰে বিধেয়কখন আইনত পৰিণত কৰিলে চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰাস্থ হ’বলৈ, বিধেয়কখনৰ বিৰুদ্ধে চলি থকা আন্দোলনসমূহ অহিংস আৰু ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ যাতে কোনো ক্ষতি নহয়, সামাজিক শৃংখলা ৰক্ষা হয় আৰু অ-বি জে পি সাংসদসকলে যাতে বিধেয়কখনক সম্পূৰ্ণভাৱে বিৰোধিতা কৰি ৰাজ্যসভাত গৃহীত কৰিবলৈ নিদিয়ে তাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ জাতীয় সংগঠনসমূহৰ প্ৰতি আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।