বিপদত পৰা লোকক জংঘললৈ নি ৮০ লাখ টকা বিচাৰিলে আবুবক্কৰ এণ্ড কোম্পানীয়ে

মৰিগাঁওঃ বিপদত পৰা দুগৰাকী লোকক জংঘলত পনবন্দী কৰি ধন দাবী কৰা এটি চক্ৰৰ এগৰাকী সদস্য শুকুৰবাৰে আৰক্ষীৰ জালত পৰে৷ আৰক্ষীয়ে আবু বক্কৰ নামৰ লোক জনক আটক কৰিবলৈ সক্ষম হোৱাৰ পিছতেই এই ঘটনা পোহৰলৈ আহে৷ এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মায়ঙত৷ 

জানিব পৰা মতে, যোৱা ২৭ মাৰ্চত ডিমাপুৰৰ পৰা দুজন লোকে কবিৰাজ বিচাৰি আহিছিল মৰিগাঁৱৰ মায়ঙত৷ ৰোগৰ চিকিৎসা কৰিবলৈ অহা লোক কেইজন যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ লগতে পৰিয়ালৰ সৈতে যোগাযোগ নকৰাকৈ থাকে৷

দুগৰাকী লোকৰ মাজৰ এজন লোকে দুদিন পাছত পৰিয়ালৰ সৈতে যোগাযোগ কৰে যদিও মিথিলেস কুমাৰ নামৰ ব্যৱসায়ীগৰাকী নিৰুদ্দেশ হৈ থাকে৷ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা লোকগৰাকীয়ে তেওঁলোকক অপহৰণ কৰিছিল বুলি পৰিয়ালক অৱগত কৰাৰ লগতে তেওঁৰ সৈতে অহা মিথিলেস কুমাৰক এৰি দিয়া নাই বুলি কয়৷

মিথিলেস কুমাৰৰ পৰিয়াল ততাতৈয়াকৈ অসমলৈ আহি মৰিগাঁও আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে৷ তাৰ পিছতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰে৷ অভিযান আৰম্ভ কৰাৰ পাছতেই অপহৰণ কাণ্ডৰ সৈতে জৰিত থকাৰ অভিযোগত আবু বক্কৰ নামৰ লোকজনক আটক কৰে মৰিগাঁও আৰক্ষীয়ে৷

মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই মায়ঙৰ পৰা আবু বক্কৰ নামৰ লোকজনক আটক কৰাৰ পিছতে জেৰা চলাই মিথিলেসক লুকুৱাই ৰখা ঠাইৰ সম্ভেদ লাভ কৰে৷ মায়ঙৰ শুকুটি পুতা হাবিৰ পৰা মিথিলেস কুমাৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

উল্লেখ্য যে, ২৭ মাৰ্চত ডিমাপুৰৰ পৰা মৰিগাঁৱৰ মায়ঙলৈ বেজ বিচাৰি অহা দুজন লোকক পনবন্দী কৰি এটা চক্ৰই ৮০ লাখ টকা দাবী কৰিছিল৷ কিছু টকা লৈ এজনক এৰি দিছিল যদিও মিথিলেস কুমাৰ নামৰ লোক জনক এৰি নিদি ৮০ লাখ টকা দাবী কৰিছিল৷ অৱশেষত ১৮ লাখ টকা দিলে এৰি দিব বিছাৰিছিল মিথিলেস কুমাৰক৷ মিথিলেস কুমাৰে এই কথা পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ লোক মৰিগাঁও আৰক্ষীৰ ওচৰ চাপে আৰু মৰিগাঁও আৰক্ষীয়ে প্ৰথমে আবু বক্কৰ নামৰ লোক জনক আটক কৰাৰ পিছতেই সকলো কথা পোহৰলৈ আহে৷