
গুৱাহাটীঃ বাৰিষা আহিলেই নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰে৷ জানোচা নিদ্ৰাৰত অৱস্থাতেই বেৰৰ জলঙাৰে নৈখন বৈ যায়৷ যদি কাঢ়ি লৈ যায় চিৰদিনৰ বাবে আইৰ নিচুকণি গীতবোৰ...৷
বাৰিষাৰ বানলৈ মাজত আৰু কিমান দিন বাকী৷ ৰাজ্যত যোৱাটো বানে মষিমুৰ কৰি নিয়া পথাৰবোৰ, ঘৰবোৰ আকৌ এবাৰ থন ধৰি উঠিছিলহে মাথো৷ এটা বছৰ হ’ল কি নহ’ল, আকৌ এবাৰ বাৰিষাৰ বানত উটি ভাহি নিশেষ হ’বলৈ সাজু হবৰ হ’ল অসমীয়াৰ৷
►ক্লিক কৰক এই বাতৰিতঃ মন্ত্ৰী পল্লৱৰ বাবেই আকৌ জীৱন মৰণৰ খেলৰ বাবেই সাজু কুৰিখন গাঁৱৰ গঞা
ৰাজ্যৰ যোৱাটো বানত ৰাজ্যখনৰ চৰকাৰী তথ্য মতে ২৬ টা মথাউৰি ছিঙি প্ৰলয়ংকাৰী বানে উটুৱাই নিছিল শ শ গাঁও৷ কিন্তু বে-চৰকাৰী তথ্য মতে ৰাজ্যখনৰ প্ৰায় ৪০টা মথাউৰি ছিঙি নষ্ট কৰিছিল হাজাৰ বিঘা কৃষি ভূমিৰ ফচল৷ বানে সৰ্বশ্ৰান্ত কৰা ৰাইজৰ বকুৰ যন্ত্ৰণাবোৰ উপলব্ধি কৰি ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আগন্তক বাৰিষাত আৰু কোনো নদীৰ পাৰ নাভাঙে৷ কোনো মানুহেই বাৰিষাৰ বানত হেৰুৱাবলগীয়া নহয় আপোন ঘৰখন৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব মথাউৰি নিৰ্মাণৰ কাম৷
৩০ এপ্ৰিললৈ মাজত আৰু ৫টা দিন থকা সময়তে বুধবাৰে ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল যোগে মথাউৰি নিৰ্মাণত হোৱা খৰচৰ তথ্য দাখিল কৰে৷ অহা ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যখনৰ ২৫টা মথাউৰিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি জলসম্পদমন্ত্ৰী গৰাকীয়ে সংবাদমেলখনত ২৫ টা মথাউৰি নিৰ্মাণত হোৱা ব্যয়ৰ পৰিমাণ ৯০ কোটি ৫৩ লাখ টকা বুলি জানিবলৈ দিয়ে৷
►ক্লিক কৰক এই বাতৰিতঃ মন্ত্ৰী পল্লৱৰ বাবেই আকৌ জীৱন মৰণৰ খেলৰ বাবেই সাজু কুৰিখন গাঁৱৰ গঞা
মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাৰিষাত মথাউৰি চিঙি প্ৰলয়ংকাৰী বানৰ সৃষ্টি নহব বুলি আশ্বাস প্ৰদান কৰে৷ কিন্তু মন্ত্ৰীয়ে কোৱাৰ দৰে হ’লে প্ৰকৃততেই সকলো ঠিকেই আছিল৷ যদি দেখা যায়, তেজপুৰৰ গাভৰু নৈ, নগাঁৱৰ ৰহা সমষ্টিৰ কপিলী নৈ, বক্সাৰ গোৰেশ্বৰ, ঢেকীয়াজুলি আদি ঠাইৰ বহু মথাউৰি আজিও উন্মুক্ত হৈ আছে৷ প্ৰকৃততে ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীয়ে স্বচক্ষেই প্ৰত্যক্ষ কৰিলেহে ৰাজ্যৰ নৈপৰীয়া জনসাধাৰণৰ অৱস্থা অনুভৱ কৰাৰ থল আছে৷