অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু, পুত্ৰৰ মুখখন চাবলৈ মাতৃৰ হাহাকাৰ

লংকাঃ মাতৃক সুখেৰে ৰখাৰ স্বাৰ্থত বহিঃৰাজ্যত কাম কৰিবলৈ মৃত্যু হোৱা এগৰাকী যুৱকৰ মাতৃয়ে চকুলো টুকি দিন পাৰ কৰিছে৷ হোজাই জিলাৰ ডবকাৰ আমবাৰীৰ মাতৃগৰাকীয়ে মৰমৰ পুত্ৰগাৰকীৰ মুখখন এবাৰ চাবলৈ ব্যাকুল হৈ পৰিছে৷ আলিম উদ্দিন নামৰ যুৱক জন বিগত আঠ বছৰ পূৰ্বে কৰ্মসূত্ৰে গৈছিল কেৰালালৈ৷

দীৰ্ঘ আঠটা বছৰে পুত্ৰৰ মূখ খন স্বচক্ষে প্ৰদৰ্শন কৰিব পৰা নাছিল জন্মদাত্ৰীয়ে৷ এনে সময়তে যোৱা সপ্তাহত আহিল সেই অনাকাংক্ষিত খবৰটৌ, এগৰাকী মাতৃৰ বাবে মৰ্মান্তিক খবৰটো, এক পথ দুৰ্ঘটনাত মৃত্যু হৈছে তেওঁৰ পুত্ৰৰ৷  ঘটনাৰ পিছৰে পৰা কেৰালাৰ এখন হস্পিতালৰ মৰ্গত 'লা ৱাৰিছ" হৈ পৰি আছে মৃতদেহ৷ খবৰ পোৱাৰ পিছৰে পৰা পুত্ৰক আনিবলৈ উত্ৰাৱল হৈ আছে দুৰ্ভগীয়া মাতৃ গৰাকী৷

মাতৃ গৰাকীৰ আন আন পুত্ৰ নিজ ভাতৃৰ মৃতদেহ ঘুৰাই আনিবলৈ অনিচ্ছা প্ৰকাশ কৰে৷ যাৰ ফলত অসহায় হৈ পৰে মাতৃ গৰাকী৷ অৱশেষত দুৰ্ভগীয়া মাতৃগৰাকীয়ে সমান্য আশাৰ বতৰা কঢ়িয়াই আনিলে সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু আৰু হোজাই জিলা আৰক্ষী অধীক্ষক দেৱজ্যাতি মূখাৰ্জীয়ে৷ সমস্ত খৰচ বহন কৰাৰ দায়িত্ব ললে আৰক্ষী অধীক্ষক আৰু আমছুৱে।

খৰচ বহন কৰাৰ দায়িত্ব লোৱাৰ লোৱাৰ কথা ঘোষণা কৰাৰ পিছতো পাষাণ হৃদয়ৰ ভাতৃ সকলে বিচৰা নাছিল মৃতদেহ। অৱশেষত ৰাইজ আৰু আমছুৰ বুজনিত মৃতদেহ চমজি লোৱাৰ বাবে মান্তি হৈছে ভাতৃসকল। হোজাইৰ আৰক্ষী অধীক্ষকে কেৰেলা আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। মৃতদেহ অনাৰ সকলো ব্যৱস্থা কৰিছে। আনহাতে বিগত দিনত যুৱকজনে কৰ্ম কৰি ধন খিনি কত জমা ৰাখিছে তাক লৈ সৃষ্টি হৈ প্ৰশ্ন। এই ক্ষেত্ৰত তদন্তৰ দাবী জনাইছে স্থানীয় লোকে।