৬০ বছৰীয়া বৃদ্ধৰ হাতত ২ কন্যাক বিক্ৰী, জেললৈ মাতৃ

নামতিঃ আইৰ সমান হ’ব কোন নৈৰ সমান বব কোন! মা এনে এটা শব্দ, যত প্ৰতিৰোধ হয় সমস্ত বাধা বিঘিনি৷ এই মা শব্দটোৱে এখন কঠিন দেৱাল হৈ থিয় দি থাকে নিজৰ সন্তানৰ সন্মূখত৷ যাতে কোনো দুষ্ট ছায়াই কেতিয়াও  নিজ সন্তানৰ অনিষ্ট কৰিব নোৱাৰে৷ কিন্তু কিছুমানৰ বাবে ‘মা’ বোলা এই পবিত্ৰ শব্দটোৱেই ভয়াবহ হৈ পৰে৷ নিজ সন্তানক অপৰাধৰ পৃথিৱীখনলৈ থেলি দিব পৰা ‘মা’ শব্দত কলংক সনা নাৰীও এই পৃথিৱীত অনেক আছে৷ আনহে নালাগে, তেনে এটি লজ্জাজনক ঘটনা ঘটিল এইখন অসমতে৷

শিৱসাগৰ জিলাৰ নামতি আৰক্ষী থানাৰ অন্তৰ্গত পেৰাভাৰী গাঁৱৰ এগৰাকী মহিলা বিজুমনি শইকীয়া৷ যিয়ে কেৱল ধনৰ লোভত নিজ কন্যাক অনৈতিক কাৰ্য কৰিবলৈ বাধ্য কৰাইছিল৷ এই ঘটনা পোহৰলৈ আহে বিজুমনি শইকীয়াৰ দুই কিশোৰী কন্যাই নিজ মাতৃৰ বিৰুদ্ধে নামতি থানাত এজাহাৰ দাখিল কৰাৰ পাছত৷ ঘটনা অনুসৰি বিজুমনি শইকীয়াই ধনৰ বিনিময়ত বহু দিনৰ পৰা নামতি চেতিয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কুমুদ চন্দ্ৰ বৰগোঁহাই নামৰ ৬০ বছৰীয়া ব্যক্তি এজনৰ লগত শাৰিৰীক সম্পৰ্ক ৰক্ষা কৰি আহিছে৷

তাৰ বাবে ব্যক্তি গৰাকীয়ে মহিলা গৰাকীক এক মোটা অংকৰ ধন দি আহিছে৷ শেহতীয়াকৈ কুমুদ নামৰ ৬০ বছৰীয়া লম্পটটোৰ চকু পৰে বিজুৃমনি শইকীয়াৰ দুই কিশোৰী কন্যাৰ ওপৰত৷ লম্পটজনে অধিক ধন দিয়াৰ প্ৰলোভন দি কিশোৰী কেইজনীৰ সতে শাৰীৰিক সম্পৰ্ক কৰিব বিচৰাত মাক বিজুমনিয়ে অধিক ধনৰ লোভ সামৰিব নোৱাৰিলে৷

পাষাণ মাতৃগৰাকীয়ে নিজ দুটি কন্যাক ৬০ বছৰীয়া লম্পটটোৰ সতে সম্পৰ্ক স্থাপনৰ বাবে জোৰ কৰিবলৈ ধৰে৷ আনকি লম্পটটোৰ সতে দৈহিক সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি হোৱা বাবে মাক বিজুমনিয়ে নিজ কিশোৰী কন্যা দুগৰাকীৰ ওপৰত শাৰীৰিক অত্যাচাৰো চলাবলৈ আৰম্ভ কৰে৷ 

মাতৃৰ পৰা শাৰিৰীক আৰু মানসিক লাভ কৰি উপায়ন্তৰ হৈ নিৰ্যাতিতা দুই কিশোৰীয়ে মাতৃৰ বিৰুদ্ধে নামতি থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে স্থানীয় দুই এজনকো বিষয়টোৰ সন্দৰ্ভত অৱগত কৰে৷ আনহাতে নিৰ্যাতিতা কিশোৰীৰ এজাহাৰৰ পাছতো নামতি আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে৷

পাছত স্থানীয় ৰাইজৰ লগতে জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্তৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত নামতি আৰক্ষী থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ শেষত স্থানীয় ৰাইজৰ প্ৰতিবাদত সেও মানি জিলা অতিৰিক্ত আৰক্ষী বিষয়া জাকিৰ হুছেইন উপস্থিত হৈ নিশাই অভিযান চলাই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত পৰিস্থিতি সাম কাটে৷

শিৱসাগৰ জিলাৰ নামতি আৰক্ষী থানাৰ অন্তৰ্গত নামতি পেৰাভাৰী গাঁৱত এগৰাকী পাষন মাতৃয়ে ধনৰ লোভত নিজ দুই কন্যাক এটা ৬০ বছৰীয়া লম্পটৰ লগত অনৈতিক কাৰ্য কৰোৱা ঘটনাক কেন্দ্র কৰি নামতি থানাত যোৱা নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, উক্ত গাঁওখনৰ বিজুমণি শইকীয়া নামৰ পাষাণ মহিলাগৰাকীয়ে ধনৰ লোভত নামতি চেতিয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত বিদ্যুত বিভাগৰ কৰ্মচাৰী কুমুদ চন্দ্ৰ বৰগোঁহাই নামৰ ৬০ বছৰীয়া লম্পটটোৰ লগত নিজে অনৈতিক কাৰ্য কৰাৰ লগতে নিজ দুই কন্যাকো এই কৰ্মত জড়িত হ’বলৈ বাধ্য কৰাইছিল৷

আনহাতে স্থানীয় ৰাইজে নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ঘটনাত অভিযুক্তৰপৰা বৃহৎ টকাৰ বিনিময়ত অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ আনে। বৃহৎ অংকৰ টকা মেনেজ হোৱাৰ বাবেই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাত হেমাহি কৰাৰ অভিযোগ আনি স্থানীয় ৰাইজে ভাৰপ্ৰাপ্ত বিষয়া জনক নিলম্বনত দাবী তোলে। ইফালে নামতি আৰক্ষীয়ে আজি 4 POCSO ধাৰাত 21/2017 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি দুয়োকে কৰাগাৰলৈ প্রেৰণ কৰে।