পূজাৰ বজাৰ কৰিবলৈ গৈ সন্ধানহীন মাতৃ-পুত্ৰ

ধনশিৰিঃ শাৰদীয় দুৰ্গা পূজাৰ আনন্দৰ মাজতে পূজাৰ বজাৰ কৰিবলৈ গৈ যোৱা ১০ দিনেই সন্ধানহীন হৈ আছে এহাল মাতৃ-পুত্ৰ৷

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ২নং চুঙাজানৰ পেচাত শিক্ষক ৰবি আলে নামৰ ব্যক্তিগৰাকীৰ পত্নী জিমি তামাং আলে (২৯)এ পুত্ৰ ৰাজদ্বীপ আলে (১৩)ক লগত লৈ যোৱা ১৮ ছেপ্তেম্বৰত সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ বোকাজানলৈ পূজাৰ বজাৰ কৰিবলৈ গৈছিল৷

তাৰ পাছৰ পৰাই সন্ধানহীন হৈ পৰিছে দুই মাতৃ-পুত্ৰ৷ আনফালে পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ পাছতো জিমি আলেৰ মোবাইল ফোন চুইটচ অফ থকা বাবে সেয়া সম্ভৱ হোৱা নাই৷ যাৰ বাবে মহিলাগৰাকীৰ পতি ৰবি আলেৰ লগতে পৰিয়ালটো চিন্তাত ব্যকুল হৈ পৰিছে৷

কোনো দুস্কৃতিকাৰীয়ে মাতৃ-পুত্ৰক ফুচুলাই ক’ৰবালৈ লৈ গৈছে বুলি মহিলাগৰাকীৰ স্বামী ৰবি আলে সন্দেহ প্ৰকাশ কৰিছে৷