সন্তানৰ ডেংগুৰ চিকিৎসা, ৬মহীয়া সন্তানক হত্যা কৰি মহিলাৰ আত্মহত্যা

wikihow.com
wikihow.com

ডিজিটেল ডেস্কঃ চাৰি হাজাৰ টকাৰ বাবে সন্তানৰ চিকিৎসা কৰিব নোৱাৰি সন্তানক নিজ হাতেৰে হত্যা কৰি এগৰাকী মহিলাই আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে তামিলনাডুত৷

তামিলনাডুৰ নামাক্কাল জিলাৰ বেলুকুৰুচি চহৰত মঙলবাৰে পুৱা চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হয়৷ মাতৃয়ে নিজ হাতে ৬ মহীয়া পুত্ৰ সন্তানক হত্যা কৰি নিজেও অাত্মহত্যা কৰাৰ ঘটনাই তামিলনাডুৰ ৰাজনৈতিক মহলত হৈ-চৈৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, ডেংগুত আক্ৰান্ত ৬ মহীয়া পুত্ৰৰ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰাত এনেধৰণৰ পদক্ষেপ হাতত তুলি ল’লে ৩২ বছৰীয়া মহিলাগৰাকীয়ে৷ দেওবাৰে সন্ধিয়া বেলুকুৰুচিৰ পি আনবুকদি নামৰ মহিলাগাৰকীৰ ৬ মহীয়া সন্তান চাৰভিন হঠাৎ অসুস্থ হৈ পৰে৷ সোমবাৰে কেচুৱাটোক আনবুকদি আৰু পিতৃ পেৰিয়াস্বামীয়ে শালম চহৰৰ এখন বেচৰকাৰী হস্পিতাললৈ লৈ যায়৷ চিকিৎসকে চাৰভিনৰ তেজ পৰীক্ষা কৰাত কেচুৱাটোৰ দেহত ডেংগুৰ বিজাণু ধৰা পৰে৷

হস্পিতাল কৰ্তৃপক্ষই কেচুৱাটোৰ চিকিৎসাৰ খৰছ ৪০০০ টকা ভৰিব লাগিব বুলি কয়৷ চিকিৎসালয়ৰ খৰছ বহন কৰিব নোৱাৰাত বিনা চিকিৎসাই সোমবাৰে নিশা ১১ বজাত কেচুৱাটোক পিতৃ-মাতৃয়ে নিজ গৃহলৈ উভতাই আনে৷ দৰিদ্ৰ পৰিয়ালটোৱে কেচুৱাটোক ঘৰলৈ উভতাই আনি দুখত ভাঙি পৰে৷

আনবুকদি উপায়বিহীন হৈ নিশা ৩ বজাত স্বামী টোপনিত লালকাল হৈ থকা অৱস্থাত ঘৰৰ ওচৰৰ এটি কুঁৱাত জাপ দি আত্মহত্যা কৰে৷ পুৱতি নিশা প্ৰায় ৩-৪৫ বজাত স্বামী পেৰিয়াস্বামীয়ে সাৰ পাই পত্নী আৰু পুত্ৰক বিচনাত নেদেখি ওচৰ চুবুৰীয়াক খবৰ দিয়ে৷ ওচৰ চুবুৰীয়াৰ সহায়ত বিচাৰ-খোচাৰ কৰাত ঘৰৰ ওচৰৰ এটি কুঁৱাত কেচুৱাটো সহ পত্নীৰ মৃতদেহ উদ্ধাৰ হয়৷