
newsnextone.com | মঙলদৈঃ নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়৷ নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰীসকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা৷ কিন্তু সমাজত তেনে হৈছে নে৷ যদি চোৱা যায় সমাজত বেছিকৈ বৃদ্ধ মাতৃয়ে পুত্ৰ-বোৱাৰীৰ অত্যাচাৰ-অবিচাৰ-অৱহেলাৰ সন্মুখীন হ’ব লগা হয়৷ বহু পুত্ৰই মাতৃৰ মমতাৰ প্ৰতিদান দিব নোৱাৰে৷
পৃথিৱাৰ সকলোতকৈ আপোন আৰু চৰ্চিত শব্দটোৱে হৈছে ‘মা’৷ মাৰ ভালপোৱাক আজীৱন স্মৰণ কৰিব নজনা কোনোবা আছে বুলি বিশ্বাস কৰিব টান লাগে৷ মাক শ্ৰদ্ধা জনাও যদিও, মাৰ ভালপোৱাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ প্ৰতি বছৰে মা দিৱস পালন কৰি তথাপিও মাক আমি শ্ৰদ্ধা যাচো৷
‘মা’ মানেই মমতা৷ ‘মা’ মানেই নিৰাপত্তা৷ ‘মা’ এটা বুজাব নোৱাৰ শব্দ৷ ‘মা’ মানেই অস্তিত্ব৷ 'মা' মানেই আশ্ৰয়৷ 'মা' মানেই এবুকু ভালপোৱা৷ অযুত অৰ্থ লুকাই আছে ‘মা’ শব্দটোত৷
মাৰ মৰমৰ অৱদান আমি কেতিয়াও দিব নোৱাৰোঁ৷ জন্মৰ পৰাই আমাৰ শুশ্ৰুষা মায়ে কৰে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে মায়ে৷ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ ৯ মাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷
কিন্তু সেই মাতৃক সন্তানেই পিছলৈত অৱজ্ঞা কৰে৷ নতুন সংসাৰ লাভ কৰি পাহৰি পেলায় মাকৰ মৰম-ভালপোৱাক৷ কিন্তু সন্তান যিমানেই বেয়া নহলেও এগৰাকী মাতৃয়ে কেতিয়াও নিজৰ সন্তানক এলাগী নকৰে। সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ মৰম অতুলনীয়।
অবুজ প্ৰাণী এটিয়েও জানে সন্তানক মৰম কৰিব৷ সন্তানৰ কাৰণে সমস্ত পৃথিৱীৰ লগত যুদ্ধও কৰিব পাৰে৷ বিশ্ব ব্ৰহ্মাণ্ড ক’তো আশ্ৰয় নাপালেও মাতৃৰ কোলা নিজৰ সন্তানৰ বাবে সদায় সুৰক্ষিত।
মাতৃয়ে নিজে ভোকে পিয়াহে থাকি হলেও সন্তানক এমুঠি অন্ন যোগান ধৰে। কিন্তু সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাত এটা প্রধান সমস্যাৰূপে দেখা দিছে একাংশ সন্তান নিজৰ বৃদ্ধ পিতৃ-মাতৃক অৱহেলাৰ দৃষ্টিৰে চোৱাটো।
বৃদ্ধ পিতৃ-মাতৃসকল সন্তানসকলৰ কাৰণে যেন এটা বোজাহে। আধুনিক সমাজ ব্যৱস্থাত যৌথ পৰিয়ালৰ বিলুপ্তি আৰু একক পৰিয়ালৰ মানসিকতা গঢ় লৈ উঠা হেতু পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক দায়বদ্ধতা কমি আহিছে আৰু মানুহৰ আন্তৰিক মৰম-চেনেহৰ বান্ধোন চিঙো চিঙো হৈছে। কিন্তু আলাসৰ লাড়ু পুত্ৰই হত্যা কৰি এগৰাকী মাতৃক জ্বলাই দিব পৰা হ’ল৷
একাংশ মানুহে মানৱতা সঁচাকৈয়ে যেন হেৰুৱাই পেলাইছে৷ জীৱ শ্ৰেষ্ঠ মানুহে ক্ৰমান্বয়ে হেৰাই পেলালে নেকি মানৱতা৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ উত্থানে মানুহক সভ্যতাৰ উচ্চ শিখৰলৈ নিয়া বুলি চৰ্চা হোৱাৰ সময়তে একাংশ লোকৰ কৰ্মকাণ্ডই মানুহ যে লাহে লাহে মানৱতাহীন হৈ পৰিছে তাকেই প্ৰমাণ কৰে৷ একৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সঁচাকৈয়ে মানুহৰ মানৱতাৰ স্খলন হ’ল নেকি৷
বহু সন্তানে নিজৰ পিতৃ-মাতৃক নিৰ্যাতন চলাব পৰা হ’ল। বৃদ্ধ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়াই পত্নী-সন্তানৰ সৈতে সুখৰ জীৱন অতিবাহিত কৰে।
তেনেই এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় দৰং জিলাৰ নামখোলাত৷ পুত্ৰ বোৱাৰীৰ নিৰ্যাতনৰ বলি হৈ এগৰাকী মাতৃয়ে আৰক্ষ থানালৈ আহি ন্যায়ৰ বাবে হাহাকাৰ কৰিব লগা হয়৷
দৰং জিলাৰ নামখোলাৰ ৬৫ বছৰীয়া সুভদ্ৰা ডেকাই বৃহস্পতিবাৰে আৰক্ষী থানালৈ আহি গোচৰ তৰিলে পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে৷ অভিযোগ দি আৰক্ষীক কলে মোক সদায় পুত্ৰ-বোৱাৰীয়ে অৱহেলা কৰে৷ মোক তেওঁলোকে নাচায়৷ পুত্ৰ বোৱাৰীৰ অত্যাচাৰ আৰু সহিব নোৱাৰো৷ পাথৰিঘাট আৰক্ষীৰ সহায় বিচৰি অহা বিৱৰি কলে পুত্ৰ-বোৱাৰীয়ে সামাজিক দায়ৱদ্ধতা পাহৰি যোৱাৰ কথা৷
জানিৱ পৰা মতে, নামখোলাৰ আঠিয়াবাৰীৰ সুভদ্ৰা ডেকাৰ দুগৰাকী পুত্ৰ৷ লখেশ্বৰ ডেকা আৰু গজেন ডেকা। লখেশ্বৰ ডেকা ভাল ব্যৱসায়ী । আনহাতে গজেন ডেকাও ভাল উপাৰ্জন কৰে যদিও ঘৰতেই থাকে। পুত্ৰ-বোৱাৰীৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই অহাত নিজ ঘৰ এৰি বিয়া দিয়া কন্যাৰ ঘৰত থাকিব লগা হৈছে৷
অৱশেষত উপায়হীন হৈ পাথৰিঘাট আৰক্ষীৰ কাষ চাপে মাতৃয়ে৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাক গুৰুত্ব সহকাৰে লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷