দিল্লীৰ ধৰ্ষণ কাণ্ডত অভিযুক্তক সহায় কৰা মৌলবী আটক

ডিজিটেল ডেস্কঃ দিল্লীৰ ওচৰৰ গাজিয়াবাদৰ এখন মাদ্ৰাছাত এগৰাকী ১০ বছৰীয়া নাবালিকা ধৰ্ষণত হাত থকাৰ সন্দেহত এগৰাকী মৌলবীক শনিবাৰে দিল্লী আৰক্ষীয়ে আটক কৰবলৈ সক্ষম হয়৷ যোৱা এসপ্তাহ পূৰ্বে এজন নাবালক কিশোৰে দিল্লীৰ গাজিপুৰৰ এগৰাকী ১০ বছৰীয়া নাবালিকাক অপহৰণ কৰি মাদ্ৰাছাৰ ভিতৰত ধৰ্ষণ কৰা ঘটনাত মৌলবীজনো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ 

শুকুৰবাৰে এই ঘটনাৰ তদন্ত অপৰাধ নিয়ন্ত্ৰন শাখাক প্ৰদান কৰা হৈছিল৷ তাৰ পিছতেই অপৰাধ নিয়ন্ত্ৰণ শাখাৰ সংযুক্ত আয়ুক্ত আলোক কুমাৰৰ তদন্তৰ পিছত মৌলবী গুলাম শাহিদক আটক কৰা হয়৷ আলোক কুমাৰে কোৱা অনুসৰি মৌলবী গুলাম শাহিদে ১০ বছৰীয়া নাবালিকাগৰাকীৰ ধৰ্ষণ সন্দৰ্ভত সকলো কথা জানিছিল৷ তেওঁক পস্কো আইনৰ অধীনত আটক কৰি সোধ পোছ কৰা হৈছে৷  

‘মৌলবীজনে আভিযুক্ত কিশোৰজনক ফোন যোগে নিৰ্দেশ প্ৰদান কৰিছিল৷ কিশোৰজনে ধৰ্ষিতা নাবালিকাগৰাকীক ২৪ ঘন্টাৰো অধিক সময় মদ্ৰাছাৰ ভিতৰত লুকুৱাই ৰাখিছিল৷ এই সকলোবোৰ কথা মৌলবীজনে জনাৰ পিছতো নাবালিকাগৰাকীৰ পৰিয়াল অথৱা আৰক্ষীক খবৰ দিয়াৰ পৰা বিৰত আছিল৷’ সেই ভিত্তিত মৌলবীজনো অপৰাধৰ সমভাগী বুলি মন্তব্য কৰে অপৰাধ নিয়ন্ত্ৰণ শাখাৰ সংযুক্ত আয়ুক্ত আলোক কুমাৰে৷ 

ইফালে ঘটনাৰ তদন্তৰ বাবে বৃহস্পতিবাৰে অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এটা দলে গাজিয়াবাদৰ হিডন বিহাৰস্থিত মাদ্ৰাছাখনত উপস্থিত হৈ মৌলবীজনৰ মোবাইলৰ লগতে আন কেতবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছিল৷ 

উল্লেখ্য যে, ২০ এপ্ৰিলত নাবালিকাগৰাকী নিখোজ হোৱাৰ পিছত ২১ এপ্ৰিলত নাবালিকাগৰাকীৰ পিতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল৷ তাৰ পিছতেই ২২ এপ্ৰিলত দিল্লী আৰক্ষীয়ে মাদ্ৰাছাৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ 

আনহাতে ঘটনাৰ অভিযুক্ত কিশোৰজনকো দিল্লী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে৷