বিদেশীৰ সন্দেহত তেজপুৰ কাৰাগাৰত বন্দী ৭০ বছৰীয়া বৃদ্ধই ৰামক কলে আমাক উদ্ধাৰ কৰা

newsnextone.com | তেজপুৰঃ মঙলবাৰে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই তেজপুৰ কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ পৰিস্থিতিৰ বুজ লয়৷ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰি কাৰাগাৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ বিদেশী বুলি প্ৰতিপন্ন হোৱা আৰু বিদেশীৰ সন্দেহত কাৰাগাৰত থকা লোকক সাক্ষাৎ কৰি বিভিন্ন বিষয় জানিবলৈ চেষ্টা কৰে সাংসদ ৰামে৷ 

ডি-ভোটাৰ আৰু অবৈধ নাগৰিকৰ সন্দেহত আটক কৰি বন্দী কৰি ৰখা লোকসকলে সাংসদ ৰামৰ সৈতে বহু সময় কথা পাতে৷ বন্দীসকলে মত-বিনিময় কৰি সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ পৰা সহায় বিচাৰে৷ বৰ্তমান বন্দী হৈ থকা বাংলাদেশ আৰু ম্যানমাৰৰ প্ৰায় ৬০গৰাকী লোকে তেওঁলোকে ভাৰতৰ নহয় বুলি স্বীকাৰ কৰাৰ লগতে নিজৰ দেশলৈ যাব বিচাৰে বুলি ৰাম প্ৰসাদক অৱগত কৰা বুলি কয়৷ 

আনহাতে সাংসদ ৰাম প্ৰসাদ শৰ্মাই বহু বৈধ নাগৰিক তথ্য পাতি থকাৰ পিছতোঁ দৰিদ্ৰ হোৱাৰ বাবেই অধিবক্তাক টকা দিব নোৱাৰাত জেলত থাকি সময় পাৰ কৰিব লগা হৈছে বুলি কয়৷ দৰিদ্ৰ পৰিয়ালৰ লোক হোৱাৰ বাবেই ১৯৫০, ১৯৬০ চনৰ নথি পত্ৰ থকাৰ পিছতোঁ জেলত থাকিব লগা হোৱা ক্ষোভ জাহিৰ কৰে৷ 

আনহাতে তেজপুৰ জেলত বিহাৰী মানুহক বিদেশীৰ সন্দেহত বন্দী কৰি ৰখা বুলি উল্লেখ কৰি কেনেকৈ বিহাৰী লোক বিদেশী হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে সাংসদগৰাকীয়৷ মতিহাৰীৰ মানুহ কেনেদৰে বিদেশী হ’ব পাৰে বুলি কয়৷ 

ছোৱালী বিদেশী হৈ জেলত আছে আৰু মা, দেউতা স্বদেশী হৈ আছে৷ বিদেশী ন্যায়াধীকৰণে এইবোৰ চাব লাগে বুলি কয়৷ তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা মঙলবাৰে তেজপুৰৰ কন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰাৰ সময়ত বিদেশীৰ সন্দেহত জেলত থকা একাংশ বৃদ্ধই হাতত ধৰি তেওঁলোকক উদ্ধাৰ কৰিবলৈ কৈ চকুলো টোকাৰ কথাও জানিব পৰা গৈছে৷