বিজেপিৰ মন্ত্ৰীয়ে ক’লে- ধৰ্ষণ কাণ্ডৰ বাবে দায়ী পৰ্ণগ্ৰাফি, নিষিদ্ধ কৰক কেন্দ্ৰ চৰকাৰে

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা ধৰ্ষণ কাণ্ডৰ কাৰণে একমাত্ৰ পৰ্ণগ্ৰাফিয়েই দায়ী বুলি মন্তব্য কৰিছে মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিঙে৷ পৰ্ণগ্ৰাফি অথবা অশ্লীল দৃশ্য-শ্ৰাব্যসমূহে দেশত ধৰ্ষণ কাণ্ড বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি ইন্টাৰনেটত উপলব্ধ পৰ্ণ চিনেমা সমূহ অনতিপলমে নিষিদ্ধ কৰিবলৈ সোমবাৰে মধ্যপ্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰলৈ এখন চিঠিও প্ৰেৰণ কৰে৷ 
 
ভূপেন্দ্ৰ সিঙে কৈছে, ‘‘ইতিমধ্যে মধ্যপ্ৰদেশত ৰাজ্যস্তৰৰ ২৫ টা পৰ্ণ চাইট ব্লক কৰি দিয়া হৈছে৷ কিন্তু সেয়াই যথেষ্ট নহয়৷ সমগ্ৰ দেশতেই পৰ্ণগ্ৰাফিৰ উপলব্ধ চাইটসমূহ নিষিদ্ধ কৰি দিয়া উচিত৷ মধ্যপ্ৰদেশৰ স্বৰাষ্ট্ৰ বিভাগে চলোৱা এটি সমীক্ষা মতে পৰ্ণগ্ৰাফীয়ে শিশু-কিশোৰসকলৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ খুব সহজে মোবাইলৰ মাধ্যমেৰে এই পৰ্ণগ্ৰাফীসমূহ চাব পৰা যায়৷ আৰু ইয়াৰ কাৰণেই ধৰ্ষণ আৰু নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে৷’’ 

পঢ়ক এই বাতৰিঃ- এখন চহৰত নিষিদ্ধ হ’ব পৰ্ণ চাইট, কমিবনে ধৰ্ষণ-যৌন নিৰ্যাতন?

অৱশ্যে এই সমীক্ষাৰ প্ৰতিবেদন মন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত এতিয়াও উত্থাপন কৰা নাই৷ আনকি প্ৰতিবেদনখনত কি কি বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে সেই বিষয়েও বিতং ভাৱে জনোৱা নাই মন্ত্ৰীগৰাকীয়ে৷   

‘‘২৫টা পৰ্ণ চাইট ব্লক কৰা হৈছে৷ কিন্তু বাকীবোৰ পৰ্ণ চাইটৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাই৷ সেই বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছো যাতে অতি সোনকালে বাকী থকা সকলো পৰ্ণ চাইট নিষিদ্ধ কৰে৷ তদুপৰি পৰ্ণ ভিডিঅ চোৱাৰ প্ৰৱনতা ৰোধ কৰিবলৈও কেন্দ্ৰীয় চৰকাৰে কঠোৰ আইন প্ৰনয়ন কৰিব লাগে৷’’- মধ্যপ্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে৷ 

পঢ়ক এই বাতৰিঃ- এখন চহৰত নিষিদ্ধ হ’ব পৰ্ণ চাইট, কমিবনে ধৰ্ষণ-যৌন নিৰ্যাতন?

অৱশ্যে মন্ত্ৰীগৰাকীয়ে এয়াও কয় যে কেৱল কঠোৰ আইন প্ৰনয়ন কৰিয়েই ধৰ্ষণ ৰোধ কৰা সম্ভৱ নহয়৷ ধৰ্ষণ আৰু মহিলাৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰাৰ বাবে জনসচেতনতা গঢ়ি তোলাটোও অত্যন্ত জৰুৰী বুলি মন্তব্য কৰে মধ্যপ্ৰদেশৰ স্বৰাজ মন্ত্ৰী ভূপেন্দ্ৰ সিঙে৷