অসম সন্তান ছৰিফুলৰ মিষ্টাৰ এছিয়া খিতাপ

নগাওঁঃ অসমলৈ যেন ভাল খবৰৰ সোঁত ববলৈ ধৰিছে। এটাৰ পিছত এটাকৈ আহিব ধৰিছে সাফল্য। বক্সিংৰ জগতত  বিশ্ব জয় কৰি অংকুশিতা বড়োই অসমবাসীৰ বাবে সাফল্য অনাৰ পিছত পুনৰ বিশ্বৰ জগতত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে আন এক অসম সন্তানে৷

মিষ্টাৰ এছিয়া পেছিফিক হৈ সন্মান কঢ়িয়াবলৈ সক্ষম হয় নগাঁৱৰ ছৰিফুল শইকীয়াই৷ ছিংগাপুৰৰ কলং থিয়েটাৰত দেওঁৱাৰে অনুষ্ঠিত হোৱা এছিয়া পেচিফিক প্ৰ’ এম ছেম্পিয়নশ্বিপৰ ৮০ ৰ পৰা ৯০ কেজিৰ শাখাত এই খিতাপ আজুৰি আনে ছৰিফুলে৷ কেৱল এয়াই নহয় ইয়াৰ পূৰ্বে ছৰিফুলে দুবাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ আৰু তিনিবাৰকৈ মিষ্টাৰ আছাম খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷

ইফালে,অহা ১৬ ডিচেম্বৰত পঞ্জাৱত অনুষ্ঠিত হ’বলগীয়া মিষ্টাৰ ইণ্ডিয়া বডি বিল্ডিং ছেম্পিয়নশ্বিপত ছৰিফুলে অংশগ্ৰহন কৰিব৷ ছৰিফুলৰ এনে সাফল্যত সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো উচাহৰ ঢল বৈছে৷