ক্ৰমাৎ আদৰ কমিছে মাটিৰ চাকিৰ, হতাশ মৃৎশিল্পী

নগাঁওঃ অসমীয়া বৰ্ষৰ পবিত্ৰ কাতি মাহৰ অমাৱশ্যাৰ নিশা সমগ্ৰ ভাৰতবৰ্ষৰ দৰে অসমৰো প্ৰান্তে প্ৰান্তে হিন্দু ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে উদযাপন কৰে পোহৰৰ উৎসৱ দীপাৱলী৷ এইবেলিও উচ্চ-নীচ ভেদাভেদ পাহৰি সৰ্বস্তৰৰ লোকসকলে সমাগত দীপাৱলী উৎসৱটি পালনৰ নিমিত্তে সকলোতে ব্যাপক প্ৰস্তুতি চলিছে৷

উল্লেখ্য, এই আলোকৰ উৎসৱত আন্ধাৰ বিনাশী ধৰা উজ্বলাই তুলিবলৈ ঘৰে ঘৰে, মন্দিৰ, ৰাজহুৱা স্থান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰখানা আদি আলোকিত কৰি এটি বাংময় উৎসৱমুখৰ পৰিবেশ সৃষ্টিৰে আনন্দ-স্ফুৰ্তিত মতলীয়া হৈ পৰিব ৰাজ্যবাসী৷

ফটকা, বোমা, ফুলজাৰি আদিৰে সৰ্বত্ৰে প্ৰদান কৰিব অনন্য প্ৰাণোজ্জ্বল ৰূপ৷ পিছে লক্ষণীয় বিষয় যে, বিগত কেইবছৰ মানৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থান, মন্দিৰ, দোকান, ব্যৱসায় প্ৰতিষ্ঠান, বাসগৃহ আদিত পূৰ্ব পৰম্পৰা অনুযায়ী ব্যাপক হাৰত ব্যৱহাৰ কৰি অহা মৃৎশিল্পীৰ দ্বাৰা প্ৰস্তুত কৰা মৰম আৰু বহু আদৰ মিহলি মাটিৰ চাকিৰ পৰিবৰ্তে ব্যৱহৃত হ’বলৈ ধৰিছে আধুনিক কাৰুকাৰ্যৰ সহায়ত বিদেশত টেকন’লজিৰ দ্বাৰা তৈয়াৰী ইলেক্ট্ৰনিক চাকি আৰু নানা ৰং-বিৰঙৰ আলোকসজ্জা৷

পৰিণতিত আধুনিকতাৰ কৰাল গ্ৰাসত উটি-ভাহি ফুৰা মানৱ জাতিৰ এনে ধ্যান-ধাৰণাই ক্ৰমান্বয়ে চাহিদা কমাই আনিছে বহু কষ্টৰে নিৰ্মাণ কৰা মাটিৰ চাকিৰ৷ কাজেই, আধুনিক ক্ৰংক্ৰিটৰ ভোগবাদী, বস্তুবাদী তথা মহানাগৰিক জীৱন শৈলীয়ে আজি বিভিন্ন উৎসৱ-পাৰ্বণতো পৌৰাণিক নীতি-পৰম্পৰাক জলাঞ্জলি দি যান্ত্ৰিক জীৱন-যাত্ৰাক আকোৱালি লোৱাত মৃৎশিল্পীসকলৰ জীৱন আৰু জীৱিকালৈ স্বাভাবিকতে নমাই আনিছে ঘোৰ অন্ধকাৰ৷

আনহে নালাগে সম্প্ৰতি কেৱল নগাঁও আৰু মৰিগাঁও জিলা দুখনতেই থকা শতাধিক মৃৎশিল্পীয়ে মনোমোহাকৈ তৈয়াৰ কৰা মাটিৰ চাকি, ধূণা বাতি, মলাকে ধৰি নানা প্ৰকাৰৰ সামগ্ৰীয়ে ৰাইজৰ পৰা পোৱা সহাঁৰি লাহে লাহে হ্ৰাস পাবলৈ ধৰাত মৃৎশিল্পীসকলৰ অৱস্থা হৈ পৰিছে তথৈবচ হৈ পৰিছে৷

ফলস্বৰূপে এইসকল দুৰ্ভগীয়া মৃৎশিল্পীয়ে দীপাৱলীৰ দৰে উৎসৱত তেওঁলোকৰ মাটিৰ চাকি বিক্ৰী কৰি নিজৰ পৰিয়ালত হাঁহি বিৰিঙাব নোৱাৰাটো একপ্ৰকাৰে দৃঢ় হৈ পৰাত চৰম চিন্তাম্বিত হৈ পৰিছে৷ আধুনিকতাই দখল কৰা বজাৰৰ নানা ৰেডিমেড ৰং-চঙীয়া বৈদ্যুতিক চাকিৰ সৈত ফেৰ মাৰিব নোৱাৰাত হতাশাৰ মাজেৰে দিন পাৰ কৰিবলৈ বাধ্য হৈছে এইসকল হতভাগা মৃৎশিল্পীয়ে৷