জাতীয়তাবাদৰ হোতা মুকুল মহন্তৰ মৃত্যু

গুৱাহাটীঃ দীৰ্ঘ দিনে অসমৰ বাহিৰত অভিযন্তা হৈ থাকিও আপোন জাতিৰ হকে মাত মাতি যোৱা জাতীয়তাবাদৰ হোতা, সংগ্ৰামী নেতা মুকুল মহন্তৰ বুধাবাৰে মৃত্যু হয়৷ আলফাই গঠন কৰি দিয়া পিচিজৰ অন্যতম সদস্য তথা ভাৰত চৰকাৰৰ সৈতে আলফাক আলোচনাত বহাবলৈ অপ্ৰাণ চেষ্টা কৰা মুকুল মহন্ত জাতীয়তাবাদৰ এগৰাকী প্ৰৱক্তাস্বৰূপ আছিল৷

বিদেশত অভিযন্তা হৈ থাকি অসমৰ বিভিন্ন সমস্যাৰ হৈ মাত মাতি গৈছিল তেওঁ৷ নিৰ্ভীক, স্পষ্টবাদী, আপোন জাতিৰ হৈ মাত মাতিবৰ বাবে আপোচ নকৰা মুকুল মহন্তৰ গুৱাহাটীৰ মঠঘৰীয়া নিজ বাসভৱনত মৃত্যুক আকোৱালি লয় বুধবাৰে৷

তেওৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ হোৱাত ৰাজ্যত শোকৰ ছাঁ পৰে৷ মুকুল মহন্তৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে গুণমুগ্ধৰে ঘৰ ভৰি পৰে৷ অসমীয়া জাতিৰ সংকট কালত সদায় জাতিৰ ওচৰত থিয় দিছিল মুকুল মহন্তই৷ অসমীয়া জাতিৰ জাতীয়তাবাদ শক্তিশালী কৰিবলৈ এখন অহৰহ সংগ্ৰাম চলাই জাতিৰ বাবে অৱদান আগবঢ়াই যোৱা মহন্তৰ মৃত্যুত ৰাজ্যৰ দল-সংগঠনে শোক প্ৰকাশ কৰে।

সৎ, নিকা, সাহসী, দৃঢ়মনা আৰু স্পষ্টবাদী জাতীয়তাবাদী লোক আছিল। অসমীয়া জাতিয়ে জাতীয়তাবাদৰ সংগ্ৰাম খনৰ এগৰাকী অভিভাৱক হেৰুৱালো বুলি কব পাৰি। তেওৰ মৃত্যুত ৰাজ্যৰ দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিব প্ৰধান গনেশ গোস্বামীয়ে শোক প্ৰকাশ কৰি জাতীয় স্বাৰ্থৰ বাবে তেওঁ আগবঢ়াই যোৱা অৱদানক সদায় শ্ৰদ্ধাৰে সুঁৱৰি অনুসৰণ কৰিবলৈ চেষ্টা কৰিম যাম বুলি কয় গোস্বামীয়ে৷ মহন্তক শ্ৰদ্ধা জনাই মাছৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পতাকা অৰ্ধনমিত কৰি ৰাখিব বুলি জানিবলৈ দিয়ে৷