মুন্না ভাই এম বি বি এছ পৰিল জালত

newsnextone.com | অভয়াপুৰীঃ মুন্না ভাই এম বি বি এছ পৰিল জালত৷ বঙাইগাঁৱৰ মায়াপুৰীৰ লক্ষী মেডিকেল নামৰ ফাৰ্মাচী খনত বিগত কেইবামাহ ধৰি চিকিৎসা প্ৰদান কৰি অহা ডা০ ডি ভট্টাচাৰ্য হিচাপে পৰিচয় দি অহা লোকজনক আক্ৰাছুৱে ধৰি আৰক্ষীক গটাই দিয়ে৷ 

কলকতাৰ লোকগৰাকীয়ে দীৰ্ঘদনি ধৰি বিভিন্ন ৰোগীক চিকিৎসা কৰি আহিছিল যদিও ৰাইজৰ সন্দেহ ওপজে লোকগৰাকীৰ ডিগ্ৰীক লৈ৷ কেইবাগৰাকী চিকিৎসক আৰু আক্ৰাছুৰ সদস্যই চিকিৎসকজনক সোধ পোছ কৰাত চিকিৎসকৰ কোনো প্ৰমাণ পত্ৰ দেখুৱাব নোৱাৰিলে৷

পিছত লোকজনক আক্ৰাছুৰ কাৰ্যালয়লৈ আনে আৰু আৰক্ষীক চমজাই দিয়ে৷ লোকজনে একাধিক ডিগ্ৰী প্ৰদৰ্শন কৰিলেও এইসমূহ সম্পূৰ্ণ ভূৱা বুলি স্থানীয় চিকিৎসক আৰু ইণ্ডিয়ান মেডিকেল এচোচিয়েচনৰ বঙাইগাঁও শাখাই জানিবলৈ দিয়ে৷ বঙাইগাঁও চহৰৰ মাজ মজিয়াত এইদৰে ভূৱা চিকিৎসক কৰায়ত্ত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷