মোৰাঝাৰৰ দেৱস্থানৰ আব্দুল নুৰ জটিল ৰোগত আক্ৰান্ত.... সহায়ৰ হাতৰ বাবে আহ্বান পৰিয়ালৰ

ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাই জিলাৰ দক্ষিণ দেৱস্থানৰ দিন হাজিৰা কৰি পৰিয়ালক পো পাল দিয়া ব্যক্তি এজনৰ দুৰ্ভগীয়াই জীৱন পাৰ কৰিবলগীয়া ঘটনাই় সচেতন মহলৰ চকুলো সেমেকি গৈছে৷ 

যদিও ৰজা ঘৰৰ ব্যক্তি সকলৰ হৃদয় স্পৰ্শ কৰিব পৰা নাই৷ জানিব পৰা মতে দক্ষিণ দেৱস্থান অঞ্চলৰ আব্দুল নুৰ নামৰ ব্যক্তিজন বিগত কেইটা বছৰ ধৰি এক জটিল ৰোগত আক্রান্ত হৈ শয্যাশায়ী হৈ আছে৷ সাতজনীয়া পৰিয়ালটোৰ তেওঁৱে একমাত্ৰ উপাৰ্জনকাৰী৷ 

ফলত আজি পৰিয়ালটো দিশহাৰা হৈ পৰিছে৷ পৰিয়ালটোৱে চিকিৎসাৰ নামত পাৰ্যমানে চেষ্টা কৰিছে যদিও দৰিদ্ৰ পৰিয়ালটো আৰ্থিক দুৰ্বলতাৰ ফলত আব্দুল নুৰৰ চিকিৎসা বন্ধ কৰি দিব লগা হৈছে৷ চৰকাৰে বিভিন্ন সময়ত দৰিদ্ৰ ৰাইজৰ চিকিৎসা সেৱাৰ নামত কেৱাটাও আঁচনি আৰম্ভ কৰিছে৷ যদিও  আজি লৈকে অসহায় পৰিয়ালটোৰ বাবে কোনো এখনো আঁচনি ঢুকি পোৱা নায়৷

ইফালে, স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমলক আৰ্থিক সহায় বিচাৰি কেইবাবাৰো পৰিয়ালটোৱে আবেদন কৰিছিল৷ যদিও কানসাৰ নিদিয়াই বুলি  বিধায়কজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ 

বিধায়কজনে বিষয়টোক গুৰুত্ব নিদিয়াত সচেতন ৰাইজে বিষয়টো সহজ ভাবে ল’ব পৰা নায়৷ অঞ্চলটোত থকা বিভিন্ন এন জি অ বা দল সংগঠনে  পৰিয়ালটোৰ সহায়ৰ বাবে আগবাঢ়ি নহাত পৰিয়ালটো নিৰুপায় হৈ অসমবাসীয়ে পৰিয়ালটোৰ সহায় কৰাৰ বাবে প্ৰচাৰ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে৷ 

কোনো সদাসয় ব্যক্তি পৰিয়ালটোৰ মুৰব্বীজনক চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰিলে 91 60013 31578 যোগাযোগ কৰাৰ 
লগতে তেওঁৰ পত্নীৰ একাউণ্ট নম্বৰ : 7243027000004 অসম গ্ৰামীণ বিকাশ বেংক, দক্ষিণ দেৱস্থান শাখা ও টকা পঠিয়াব পাৰিব বুলি পৰিয়ালটো জানিবলৈ দিয়ে৷