কামপুৰ বনাঞ্চলিক বিষয়াৰ নীৰৱ ভূমিকা, নে আঁৰত আছে বৃহৎ কমিছন ৰাজ?

মোৰাঝাৰঃ গাঁও বন সংমণ্ডলৰ অধীনত থকা কপিলী নৈখন এতিয়া একাংশ বালি চোৰাংচোৱাৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ। কামপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তর্গত যমুনামুখৰ বিভিন্ন স্থানত একাংশ অবৈধ বালি মাফিয়াই দিনে নিশাই নাঁও আৰু মেচিনেৰে কপিলীৰ বুকুৰপৰা বালি খনন চলাই অহা কার্য্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। 

উল্লেখযোগ্য যে, স্থান হিচাপে যমুনামুখৰ কাটকটীয়া গাঁও, যমুনা নৈৰ মূখত আৰু কপিলী দলং গুৰিত দীর্ঘদিনৰপৰা এই এসাধু চক্রটোয়ে বৃহৎ অংকত বন বিষয়া বিনোদ বিহাৰী সিংহাক মেনেজ কৰি এই অবৈধ ব্যৱসায় চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে। অতি পৰিতাপৰ বিষয় যে যমুনামুখৰ কপিলীৰ পকী দলঙৰ নিচেই গুৰিৰপৰা খনন চলাইছে এই চক্রটোৱে। কিন্ত অবৈধতো দূৰৰেই কথা চৰকাৰীভাৱে আৱন্টিত মহলতো কোনো দলঙৰ ছশ মিটাৰৰ ভিতৰত বালি খনন নিষেধ যদিও এই মাফিয়া সকলে পকী দলংৰ নিচেই গুৰিৰ পৰাই খনন চলাই বৃহৎ আৰু অতি গুৰুত্বপূৰ্ণ দলংখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। 

ইফালে, একে পৰিস্থিতি যমুনামুখ কাটকটীয়া গাঁৱত। গাঁওখনৰ মথাউৰি ভাগি ইয়াৰ উপৰেদি অবৈধ বালিৰ ট্রাক অনা নিয়া কৰাত অঞ্চলবাসী আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। বৃহৎ কৰ ফাঁকি দি এই অবৈধ ব্যৱসায় চলাই নিয়া লোকসকলৰ বিৰুদ্ধে আঞ্চলিক বন বিষয়া গৰাকী নিমাত হৈ থকাত ৰহস্য সৃষ্টি কৰিছে। 

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই অবৈধ ব্যৱসায়টোৰপৰা বন বিভাগৰ লোকে কমিছন সংগ্ৰহ কৰি আহিছে যাৰ ফলত বন বিভাগে নীৰৱতা অৱলম্বন কৰিছে। স্থানীয় তথা বিজেপি কর্মীসকলে এই চিণ্ডিকেট ৰাজটোৰ আঁৰত কোন জড়িত আছে তাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে। আৰু এই চক্রটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায়। বন মন্ত্ৰী পৰিমল শুক্লবৈধ্যৰ বন বিভাগত এনে আৰাজকতা চলি অহাৰ পাছত মন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ'ব।