
newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত প্ৰেমিকৰ পৰিয়ালে এগৰাকী মহিলাক বৰ্বৰ ভাৱে প্ৰহাৰ কৰি পঘাৰে বান্ধি চোচোৰাই নিয়া ঘটনাক অৱশেষত গুৰুত্ব প্ৰদান কৰিলে হোজাই আৰক্ষীয়ে৷ হােজাই আৰক্ষীয়ে নিশা অভিযান চলাই ঘটনাৰ ৪গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মহিলাগৰাকীক অমানৱীয় ভাৱে মাৰধৰ কৰি পঘাৰে বান্ধি প্ৰায় আধা কিঃ মিঃ পথ চোচোৰাই নি হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল
অভিযুক্ত আচাৰ উদ্দিন, মনচুৰ আখতাৰ, কমৰুল আলম আৰু তৈয়বুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে মোৰাঝাৰ আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়৷ ধৰা পৰা লোক কেইজনে ঘটনা সংঘটিত কৰাত থকা মহিলাক মাৰধৰ কৰাত আগভাগ লৈছিল বুলি জানিব পৰা গৈছে৷
হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ এলেকাৰ সুতাৰপুৰ গাঁৱত এগৰাকী নিৰীহ মহিলাক পঘাৰে বান্ধি এদল পুৰুষ-মহিলাই নিৰ্মমভাবে প্ৰহাৰ কৰাৰ এটি ভিডিঅ’ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷
পুনৰ যেন এক বৰ্বৰ কাণ্ড সংঘটিত হ’ল ৰাজ্যত৷ এই অতি নিৰ্মম, অমানৱীয়, বৰ্বৰ নাৰী নিৰ্যাতনে কঁপাই গ’ল হোজাই জিলাৰ মোৰাঝাৰ অঞ্চলক৷ জিলাখনৰ মোৰাঝাৰ আৰক্ষী থানাৰ এলেকাৰ সুতাৰপুৰ গাঁৱত এগৰাকী নিৰীহ মহিলাক পঘাৰে বান্ধি এদল পুৰুষ-মহিলাই নিৰ্মমভাবে প্ৰহাৰ কৰা এক ভিডিঅ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
পোহৰলৈ অহা ভিডিঅটোত এগৰাকী অসহায় মহিলাক খুঁটাত হাত, ভৰি বান্ধি নিৰ্যাতন চলাইছে একাংশ লোকে৷ বৰ্বৰ ভাৱে প্ৰহাৰ কৰি আসুৰিক তৃপ্তি লাভ কৰে লোকসকলে৷ এতিয়াৰ সমাজক সভ্য সমাজ বুলি কোৱা হয় যদিও কোনো লোকে মহিলাগৰাকীক ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহিল৷ প্ৰাণৰ মমতাত চিঞচ-বাখৰ কৰি চিৎকাৰ কৰি উঠিছিল অসহায় মহিলাই৷ একাংশ জপিয়াই পৰিছিল মহিলাৰ ওপৰত৷
জানিব পৰা মতে, মহিলাগৰাকীয়ে একেটা অঞ্চলৰে আলাউদ্দিনৰ পুত্ৰ মেহবুব আলম নামৰ এজন যুৱকক ভাল পাইছিল৷ মেহবুব আলম মহিলাগৰাকীক বিয়া কৰােৱাৰ প্ৰতিশ্ৰুতি দিছিল৷ সেইমতে মহিলাগৰাকী আৰু মেহবুব আলমৰ প্ৰেম নিবেদন হয়৷ দুয়োৰে মাজত দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক৷
মহিলাগৰাকীয়ে পূৰ্বে এবাৰ বিয়া হৈছিল যদিও সেই কথা জানিছিল মেহবুব আলম৷ তাৰ পিছতো মহিলাগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু মেহবুবে প্ৰেয়সীক প্ৰতাৰণা কৰি শুকুৰবাৰে অন্য এগৰাকী যুৱতীৰে বিবাহপাশত আৱদ্ধ হয়৷
এই খবৰ লাভ কৰি গাঁৱৰ সমীপৰে মহিলাগৰাকীয়ে মেহবুবৰ ঘৰত উপস্থিত হৈ বিয়াত বাধা প্ৰদান কৰে৷ তাৰ পিছতে মেহবুব আলমৰ পৰিয়ালৰ একাংশ লোকে উত্তেজিত হৈ পৰে৷ উত্তেজিত হৈ বৰ্বৰ ভাৱে আক্ৰমণ কৰে মহিলাগৰাকীক৷ অভিযোগ মতে, এই নিৰ্মম অত্যাচাৰত আগভাগ লয় স্থানীয় শিক্ষক আব্দুৰ ৰৌফ আৰু আতিকুৰ ৰহমানে৷ পুৰুষ-মহিলাই মহিলাগৰাকীক কেৱল পঘাৰে বন্ধাই নহয়, চুৰ্ণীৰে ডিঙিত বান্ধি প্ৰায় আধা কিলোমিটাৰ বাট চোচোৰাই নি হত্যাৰ চেষ্টা চলায়৷
পৈশাচিক তৃপ্তি লাভ কৰা লোকসকলে মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংগত হাত দি যৌন নিৰ্যাতনো চলোৱা বুলিও অভিযোগ উত্থাপন কৰে৷ নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীয়ে সংকটজনক অৱস্থাত তাৰ পৰা কোনো মতে ৰিছু দপৰলৈ অহাৰ পিছতে একাংশ লোকে নীলবাগান চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায়৷ সংকটজনক অৱস্থাত নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়৷
ৰহস্যজনকভাবে এনে এক জঘণ্য ঘটনাৰ পিচতো মোৰাঝাৰ আৰক্ষীয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা নাই৷ এনে জঘণ্য ঘটনা সংঘটিত কৰিও বীৰদৰ্পে ঘুৰি ফুৰিছিল অভিযুক্তসকল৷ ৰাইজে ঘটনা সন্দৰ্ভত তদন্ত কৰি দোষীক উচিতশাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছিল হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনক৷