নীলবাগানত সমবেত হ’ল ৰাজ্যৰ বহু কবি, কবিতা আওৰাই পৰা কৰিলে এটা দিন

মোৰাঝাৰঃ প্ৰেম হৈছে স্বৰ্গীয় অনুভূতি৷ প্ৰেম আৰু ভালপোৱাই মানুহবোৰক পৃথিৱীক ভাল পাবলৈ শিকাই৷ তেওলোকৰ বাবে পৃথিৱী খন সুন্দৰ৷ যদি আপোনাৰ আপোন কোনোবাই অভিমান কৰে তেতিয়া কবিতাৰ দুটি লাইনে অভিমান আঁতৰ কৰিব পাৰে৷

যেনেকৈ প্ৰেম স্বৰ্গীয় অনুভূতি তেনেকৈ কবিতাই মানুহক সুখী কৰিব পাৰে৷ কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ, নজৰুল ইছলামৰ বিখ্যাত কবিয়ে কবিতাৰ ভাষাৰে সমাজৰ সকলো কথাই তুলি ধৰিছিল৷ অন্যায়, হত্যা, হিংসা, প্ৰেম, ভালপোৱা দুৰ্নীতি সকলো কথা কৈছিল কবিতাৰ জৰিয়তে৷ কবিতাৰ শ্ৰোতা, কবিতা ভালপোৱা এদল মানুহে দেওবাৰে পাৰ কৰিলে কবিতা গুণগুণাই৷

ব্যস্ততাৰ পৰা ফালৰি কাটি এদিন পৰা কৰিলে কবিতাৰ মায়াজালত৷ হোজাই জিলাৰ নীলবাগানত কাব্যদিন নামৰে কবিতাৰ অনুষ্ঠানৰ মাজত হেৰাই গ’ল বহু লোক৷ সদৌ অসম কবি সন্মিলনৰ সৌজন্যত দেওবাৰে দিনৰ ১২ বজাত নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কবিতা অনুষ্ঠান৷ হোজাই জিলাৰ কবিতা ভালপোৱা লোকক একত্ৰিত কৰাৰ মানসেৰে তথা সদৌ অসম কবি সন্মিলনৰ হোজাই জিলা গঠনৰ উদ্দেশ্যে "কাব্যদিন" অনুষ্ঠানৰ আয়োজন কৰা হয়।

বিশিষ্ট কবি, সাহিত্যিক আতৰ আলি চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত কবিতাৰ অনুষ্ঠানত বহু কবিয়ে কবিতা পাঠ কৰে৷ কবিতাৰ অনুষ্ঠানৰ মাজতে হোজাই জিলা সমিতি গঠনৰ লগতে হোজাই জিলাত কাব্য সাধনাৰ পৰিৱেশ গঢ়াত এক সুকীয়া বাতাবৰণ সৃষ্টি কৰাৰ সংকল্প লয় কবিসকলে৷

কবি তথা সাহিত্যিক ড০ হাছিনুছ চুলতানে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা কবিতা অনুষ্ঠানত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মোহাম্মদ বৰভূঞা. মিনতি দেৱী কাকতি, দেৱজিৎ বৰা, শ্ৰীমন্ত শৰ্মা, নবীন বৰদলৈ, তপন কুমাৰ নগঞা, নীলকান্ত শইকীয়া, উজ্জ্বল পাওগাম,প্ৰদীপ শইকীয়া, হেমন্ত চুতীয়া, মদাৰ জ্যোতি, সঞ্জিব সাগৰ আদি জ্যেষ্ঠ কবি উপস্থিত থাকি কাব্যদিন অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে কবিতা পাঠ কৰে৷ শেষত কবি আতৰ আলী চৌধুৰীৰ 'ৰুপালী ঢৌ' নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়৷