আজমল তনয়ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল ৰাইজ

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত পথ নিৰ্মাণৰ দাবীত আজি ভিন্ন দল-সংগঠনে ৷ এটি পথ নিৰ্মাণৰ দাবীত ৰাইজে আবেদন জনাই আহিছিল যদিও ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমলৰ তনয় তথা বিধায়ক আব্দুৰ ৰহিম আজমলে গুৰুত্ব আৰোপ নকৰাত আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷

সোমবাৰে দিনৰ ১০ বজাত মোৰাঝাৰত নীলবাগান-দেৱস্থান গড়কাপ্তানী পথ নিৰ্মাণৰ দাবীত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। স্থানীয় আমছু, এন এছ ইউ আই, কৃষক মুক্তি সংগ্ৰাম সমিতি, যুৱ-ছাত্ৰ ঐক্য মঞ্চ, ড্ৰাইভাৰ ইউনিয়ন, কৃষক সমাজ আদি দল সংগঠনৰ আহ্বানত ৰাইজে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। শ শ লোকে বিধায়ক আজমল আৰু সৰ্বা চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় নেতা নুৰুল হক, আমছু নেতা ফাহিম ইকবাল, মামুন ৰসিদ, এজাজুল হক, কংগ্ৰেছৰ যুৱ নেতা বিলাল উদ্দিন, এন এছ ইউ আইৰ জিলা সম্পাদক আইনুল হক আদিকে ধৰি নেতাসকল উপস্থিত থাকি শীঘ্ৰে পথটো  নিৰ্মাণ কৰাৰ দাবীত ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে গড়কাপ্তানী মন্ত্ৰী, মুখ্য অভিযন্তালৈ স্মাৰক পত্ৰ প্ৰদান কৰে।