মোৰাঝাৰত উপায়ুক্তৰ উপস্থিতিত এন এৰ চিৰ সজাগতা সভা

মোৰাঝাৰঃ এন আৰ চিক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে হোজাই জিলাৰ মোৰাঝাৰত শনিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এখন সভা৷ সংখ্যালঘু অঞ্চলত একাংশ লোকে ব্যাপক ভূৱা প্ৰচাৰ চলাই থকা উত্তপ্ত পৰিস্থিতৰ সৃষ্টি কৰাৰ চেষ্টা চলাই থকাৰ অভিযোগৰ পিছতে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে৷

তাৰ মাজতে শনিবাৰে হোজাই জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিংৰ পৌৰহিত্যত মোৰাঝাৰ আৰক্ষী থানাৰ উদ্যোগত থানা চৌহদত অনুষ্ঠিত সভাত এন এৰ চিৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে আৰু ইয়াৰ বিষয়ে আলোকপাত কৰে ডবকা ৰাজহ চক্ৰ বিষয়া অনূসীয়া শৰ্মাই। জিলা উপায়ুক্ত সিঙে এন এৰ চিকলৈ কোনো শংকাৰ কাৰণ নাই বুলি ৰাইজক অৱগত কৰে৷ সভাত সীমা অতিৰিক্ত আৰক্ষী বিষয়াকে ধৰি মোৰাঝাৰ আৰক্ষী থানাৰ বিষয়া অজিত তেৰাং সহ কেবা সহস্ৰাধিক লোক উপস্থিত থাকে।