
newsnextone.com | গুৱাহাটীঃ ৰাজ্যত আকৌ চালক হত্যা৷ এইবাৰ বঙাইগাঁৱত চালকক হত্যা কৰি গাড়ী লৈ উধাও হয় তিনিজন যুৱক৷ এখন পথাৰত শনিবাৰে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে গাড়ী চালকজনৰ মৃতদেহ। চালকজন দৰং জিলাৰ মঙলদৈৰ মোল্লাপাৰাৰ ৰহমাতুল্লা আলী বুলি চিনাক্ত কৰা হৈছে৷
জানিব পৰা মতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদৰ পৰা তিনিজন যুৱকে ৰহমাতুল্লা আলীৰ অল্ট গাড়ী খন বঙাইগাঁৱলৈ ভাড়া কৰি নিছিল দুদিন পূৰ্বে৷ তাৰ পিছতে চালকজনৰ মোবাইল বন্ধ থকাৰ লগতে ঘৰৰ লোকৰ সৈতে যোগাযোগ কৰা নাছিল৷ শনিবাৰে অসম-পশ্চিম বংগ সীমান্তত এএছ-১৩-ডি-৫৯২২ নম্বৰৰ গাড়ী সহ তিনিজন যুৱক ধৰা পৰে৷
অসম-পশ্চিম বংগ সীমান্তত অসম আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত এএছ-১৩-ডি-৫৯২২ নম্বৰৰ অল্ট গাড়ী খন তালাচী চলাই থকাৰ সময়ত গাড়ী খনত তেজৰ দাগ প্ৰত্যক্ষ কৰে৷ তাৰ লগে লগে গাড়ীৰ ভিতৰত থকা তিনি যুৱকক সোধ-পোছ কৰাত ওৰহিৰ ওৰ ওলাই পৰে৷ যুৱক তিনিজনে স্বীকাৰ কৰে যে তেওঁলোকে এজন চালকৰ গাড়ী গুৱাহাটীৰ পৰা ভাড়া কৰি আনি হত্যা কৰে আৰু মৃতদেহ বঙাইগাঁৱত পেলাই থৈ আহে৷
লগে লগে আৰক্ষীয়ে বঙাইগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰি তিনি যুৱকক বঙাইগাঁৱলৈ লৈ আহে আৰু মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মৃতদেহ বঙাইগাঁৱৰ এখন পথাৰত জংঘলৰ মাজত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে৷ গুৱাহাটীৰ পৰা গাড়ী ভাড়া কৰি নি বঙাইগাঁৱত চালকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে জলেশ্বৰৰ আজমত আলী, চিৰাং জিলাৰ বিজনীৰ কাদেৰ গিলানী আৰু হাট শিঙিমাৰীৰ আইনাল সৰকাৰক গ্ৰেপ্তাৰ কৰে৷
পুনৰ গাড়ী চুৰি চক্ৰই চালকক হত্যা কৰাৰ ঘটনাই চিন্তিত কৰিছে চালকক৷ জানিব পৰা মতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বঙাইগাঁৱলৈ ভাড়া কৰি নিছিল গাড়ী খন৷