আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ, ডিজিটেল ইণ্ডিয়াত ডাইনীৰ সন্দেহত হত্যা এমা-ডিমা সন্তানৰ মাতৃক

চিৰাংঃ মানৱতাত লজ্জানত কৰি একমাত্ৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰিণতিতে সংঘটিত হোৱা ডাইনী কাণ্ডৰ বাবেই হত্যাৰ বলি হ'ল এগৰাকী এমা-ডিমা সন্তানৰ মাতৃ৷ সভ্য সমাজক কলংকিত কৰা ডাইনী কাণ্ড আকৌ সংঘটিত হ’ল এই খন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷

একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত শান্তিপুৰৰ মোলানডুবিত৷ এগৰাকী মহিলাক হত্যা নিৰ্মমভাৱে ডেগাৰেৰে আক্ৰমণ কৰি হত্যা কৰে একাংশ লোকে৷ সোমবাৰে নিশা ১২ বজাত সংঘটিত হয় এই নিৰ্মম কাণ্ড। অভিযোগ উত্থাপন হোৱা মতে, ডাইনী সজাই ৫ সন্তানৰ মাতৃ বামুন্সি বসুমতাৰীক নিৰ্মম ভাৱে হানি খুচি হত্যা কৰে গাঁও খনৰে কেইজনমান লোকে।

চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ মোলানডুবি গাঁৱৰ কেইজনমান লোকে ককৰেং বসুমতাৰীৰ পত্নী বামুন্সি বসুমতাৰী (৪৩)ক ডাইনী বুলি সন্দেহ কৰি নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত পৰিয়ালে শান্তিপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

নিশা ১২ বজাত গাঁও খনৰ ১২/১৩ জনীয়া যুৱকৰ দলে ঘৰত প্ৰৱেশ কৰি ডেগাৰেৰে পৰিয়ালৰ লোকৰ সন্মুখতে হানি খুচি হত্যা কৰে ৫ সন্তানৰ মাতৃ বামুন্সি বসুমতাৰীক। জিলাখনৰ ভাৰত-ভূটান সীমান্তত প্ৰায়ে ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত হৈ আহিছে। জনজাতী আৰু আদীবাসী অঞ্চলসমুহত ডাইনী কাণ্ড সঘনাই সংঘটিত হোৱাৰ পিছতো চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ নিখিল বড়ো ছাত্ৰ সন্থাই ডাইনী হত্যা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কাম কৰি থকাৰ সময়তে এই হত্যাকাণ্ডই ৰাইজক চিন্তিত কৰি তুলিছে।

বিজ্ঞানৰ যুগত অন্ধ বিশ্বাসৰ বলি হৈ কাৰোবাক ডাইনী সজাই হত্যা কৰা ঘটনাই মানৱ সমাজক লজ্জানত কৰে৷ কিন্তু চৰকাৰৰ ডিজিটেল ইণ্ডিয়া, বুলেট ট্ৰেইন আদিৰ সপোনক যেন ভেঙুচালি কৰাহে পৰিলক্ষিত হৈছে। ইফালে নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সভাপতি খনিন বসুমতাৰীয়ে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়। ঘটনাৰ তদন্ত কৰি দৰিদ্ৰ পৰিয়ালটোক পৰ্যাপ্ত সাহায্য দিয়াৰ দাবী জনায়। যা