
চতিয়াঃ চতিয়াৰ ভোজমাৰীত এজন লোকক গুলীয়াই হত্যা কৰাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বুধবাৰে চতিয়াৰ ভোজমাৰীৰ আমিৰ ইছলাম ওৰফে হাফ পগলা(৩৫) নামৰ এজন লোকক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। আনফালে এই হত্যাকাণ্ড গঁড় চিকাৰক কেন্দ্ৰ কৰিয়েই সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, এসময়ত গঁড় চিকাৰৰ লগত জড়িত আলিজুৰে শেহতীয়াকৈ আৰক্ষী আৰু বন বিভাগক চোৰাংচোৱা হিচাপে সহায় কৰি আহিছিল বুলি জানিব পৰা গৈছে।
নিহত আলিজুৰৰ পৰিয়ালে জানিবলৈ দিয়া মতে, তেওঁলোকৰ ঘৰৰ কাষৰে চিৰাজুল হক নামৰ এজন লোকে নিশা ১১ বজাত ঘৰৰপৰা মাতি নিছিল আলিজুৰক৷ তাৰ পাছতে চিৰাজুল হকৰ ঘৰৰ পুখুৰীৰ পাৰত গুলীয়াই থকা সৰকা কৰা অৱস্থাত উদ্ধাৰ হয় আলিজুৰৰ মৃতদেহ।
মৃতদেহৰ কাষৰ পৰা দুটা ৩০৩ৰ খালী কাৰ্টুজ উদ্ধাৰ হয়। জানিব পৰা মতে, যোৱা ২০১৬ চনৰ ২০ ছেপ্তেম্বৰত একে ঠাইতে আজিবুৰ ৰহমান নামৰ এজন বনবিভাগ আৰু আৰক্ষীৰ চোৰাংচোৱাক অনুৰূপ ধৰণে অচিনাক্ত দূৰ্বৃত্তই হত্যা কৰিছিল।