
newsnextone.com | ডিব্ৰুগড়ঃ অসমৰ ইতিহাসত কোনো কালে নঘটা এক নজিৰবিহীন হত্যাকাণ্ডই কঁপাই গ’ল ডিব্ৰুগড় জিলাক। ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় সদৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শুকুবাৰে সংঘটিত হয় এই শিহৰণকাৰী হত্যাকাণ্ড।
আদালত চৌহদতে স্বামীয়ে ডিঙি ৰেপি হত্যা কৰে নিজ পত্নীক। এই লোমহৰ্ষক হত্যাকাণ্ডই কঁপাই গ’ল জিলা খনক৷ মুখ্য চেচন আৰু জিলা ন্যায়ধিশ আদালতত দিব্যজ্যোতি ভূঞাৰ আদালতৰ সন্মুখত শুকুৰবাৰে শুনানিৰ সময়তে ঘটনাটো সংঘটিত হয়।
পূৰ্ণ নাহৰ ডেকা নামৰ নিজ কন্যাক ধৰ্ষণৰ অভিযুক্ত লোকেজনে পত্নী ৰীতা নাহৰ ডেকাক হত্যা কৰে আদালতৰ ভিতৰত। নিজৰ কন্যাক ধৰ্ষণৰ অভিযোগৰ গোচৰৰ শুকুৰবাৰে আছিল শুনানি। শুনানিৰ বাবে আদালতৰ বাৰান্দাত অপেক্ষা কৰি আছিল পত্নীয়ে। অপেক্ষা কৰি থকা সময়তে দেগাৰেৰে ডিঙি ৰেপী হত্যা কৰে পত্নীক।
দণ্ডাধীশৰ আদালতৰ সন্মুখত সংঘটিত কৰে ভয়াবহ ঘটনা। অসম চিকিৎসা মহাবিদ্যালয়লৈ ৰীতা নাহৰক নিয়া হৈছিল যদিও মৃত্যু হোৱা বুলি ঘোষণা কৰে মহিলাগৰাকীক। নাহৰকটীয়া জয়পুৰৰ লংজং আলি চিঙা গাঁৱত ঘৰ দম্পতি হালৰ। নিজৰ কন্যাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল ৰীতা নাহৰে। কিছু দিনৰ পূৰ্বে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰি ঘৰলৈ আহিছিল পূৰ্ণ নাহৰ ডেকাই৷