
নগৰবেৰাঃ কামৰূপ (গ্ৰাম্য) জিলাৰ বকো সমষ্টিৰ বগুৰিগুৰিত বুধবাৰে এগৰাকী বিবাহিত মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে, বগুৰিগুৰি গাঁৱৰ হাৰেজ আলীয়ে মঙলবাৰে পত্নী সোণাভানু(৩৫)ৰ সৈতে কাজিয়াত লিপ্ত হয়।
আনদিনাৰ দৰে পুৱা মহিলাগৰাকীৰ সন্তান তিনিটা স্কুললৈ যায়। স্কুলৰ পৰা বাসভৱনলৈ অহাৰ পিছতে সন্তান কেইটা ঘৰৰ ভিতৰত মাতৃক পিৰ থকা অৱস্থাত প্ৰত্যক্ষ কৰি চিঞঁৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি উপস্থিত হয়। মহিলাগৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঠিৰাং হোৱাত ৰাইজে চিকিসালয়লৈ নিয়াৰ পৰিবৰ্তে আৰক্ষীক খবৰ দিয়ে৷ মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিহ্ন স্পষ্ট হৈ থকাত হত্যা কাণ্ড বুলি ৰাইজে মন্তব্য আগবঢ়ায়। সম্প্ৰতি মহিলাগৰাকীৰ স্বামী হাৰেজ আলী পলাতক দিও সোণতলী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।