
চৰাইদেউঃ বহিঃৰাজ্যৰ এগৰাকী যুৱক অসমত নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ সোণাৰিত৷ সোণাৰিৰ ১৩নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে থকা বিহাৰৰ মোজাফ্ফৰপুৰ জিলাৰ মাওনাৰ ঋত্বিক কুমাৰ নামৰ লোকজন যোৱা ১২ নৱেম্বৰৰ পৰা প্ৰায় এমাহ কাল নিৰুদ্দেশ হৈ আছে৷
ঋত্বিক কুমাৰে কেইবা বছৰ ধৰি সোণাৰিত ভাড়াতীয়া হৈ থাকি ব্যৱসায় কৰি আছিল।
যোৱা ১২ নৱেম্বৰৰ পৰা ব্যৱসায় সংক্ৰান্তত ভাড়া কোঠাৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়৷ পৰিয়ালৰ লোকে ঋত্বিকৰ মোবাইলত যোগাযোগ কৰিব নোৱাৰাত চিন্তিত হৈ পৰে আৰু পৰিয়ালৰ লোক বিহাৰৰ পৰা অসমত আহি উপস্থিত হয়৷
ঋত্বিকৰ জ্যেষ্ঠ ভাতৃ ভাগলাল ৰায়ে সোণাৰি সদৰ থানাত উপস্থিত হৈ ভাতৃ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে এতিয়ালৈ লোকজনৰ শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ যুৱক জনক ফোনযোগে অজ্ঞাত লোকে ভাবুকি দিয়ৈ বুলি পৰিয়ালৰ লোকক জনােৱাৰ কথা পৰিয়ালে আৰক্ষীক অৱগত কৰে।