আৰক্ষী শ্বহীদ হ’লে নেতাই হৈ চৈ নকৰে কিয়, নগাঁও-মৰিগাঁৱৰ বিশেষ অঞ্চলত ৩৬৫ দিনেই চলে জুৱা

newsnextone.com নগাঁও/গুৱাহাটীঃ অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু আৰম্ভ হোৱাৰ পৰাই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছিল জুৱাৰ মুকলি বেহা৷ নগাঁও আৰু মৰিগাঁও জিলাৰ বিশেষ অঞ্চলত সমগ্ৰ বছৰৰ ৩৬৫ দিন জুৱাৰ মুকলি বেহা চলে৷ ঈদ, দুৰ্গা পূজা, বিহু, আইপিএলকে দৰি একাংশ লোকে জুৱাৰ বজাৰ চলায়ে পৰিয়াল পোহপাল দিয়ে৷ এই অভিযোগ newsnextone.comৰ নহয়৷ 

newsnextone.comৰ সাংবাদিকৰ খবৰৰ ভিত্তিত আজিও জুৱা চলে মৰিগাও আৰু নগাঁও জিলাৰ সীমান্তৰ কিছুমান বিশেষ এলেকাত এই কথা জানিব পৰা যায়৷ যোৱা ১২ মে’ত জুৱাৰীৰ গুলীত অনিল দাসৰ নামৰ এগৰাকী আৰক্ষীৰ কনিষ্টবলৰ মৃত্যুৰ হোৱাৰ পিছতে বহু প্ৰশ্নই উদয় হৈছে৷

নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বিভিন্ন স্থানত পহিলা ব’হাগৰ প্ৰথম সপ্তাহৰ পৰাই ব্যাপক উৎসাহ-উদ্দীপনেৰে গোঁসাই উলিওৱা উৎসৱ অনুষ্ঠিত হৈছিল৷ এই উৎসৱ উদযাপনস্থলিত নিতৌ লাখ লাখ টকাৰ মুকলি জুৱা চলিছিল৷

পৰম্পৰাগত গোঁসাই উলিওৱা উৎসৱ বা মেলাৰ গইনা লৈ একাংশ সমাজ বিৰোধী লোকে মেলাস্থলীত ব্যাপক হাৰত নিবিঘ্নে জুৱাৰ মুকলি বেহা চলাই নিয়াত সচেতন লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল৷ সমানে সমানে কামপুৰতো চলিছিল জুৱা। স্থানীয় আৰক্ষী আৰু মেলা আয়োজক সমিতিৰ ৰহস্যজনক মৌনতাত অনুষ্ঠিত হোৱা এই মুকলি জুৱাত ব্যৱসায়ী, কৃষক, স্কুল-কলেজৰ ছাত্ৰৰ উপৰি একাংশ শিক্ষক তথা ৰাজনৈতিক নেতা পৰ্যন্ত উবুৰি খাই পৰাৰ অভিযোগ উত্থাপন হৈছিল৷ 

অভিযোগ মতে, ঝাণ্ডিমুণ্ডা, তিনিপাটী, কেৰকেৰি আদি খেলেৰে দুপৰীয়াৰ পৰা সন্ধ্যালৈকে চলা জুৱাৰ আড্ডাত অবাধে লক্ষ লক্ষ টকাৰ লেনদেন হোৱাত বহুলোক সৰ্বস্বান্ত হ’বলগীয়া হয়৷ ইফালে, জুৱা অনুষ্ঠিত কৰা অসাধু চক্ৰটোৰ পৰা স্থানীয় আৰক্ষী আৰু মেলা উৎসৱ উদযাপন সমিতিয়ে মধ্যস্থতাকাৰীৰ জৰিয়তে প্ৰতিখন জুৱাৰ বিপৰীতে তিনি হাজাৰৰ পৰা আঠ হাজাৰ পৰ্যন্ত টকা কমিচন হিচাপে আদায় কৰে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে৷ 

ইমানে দুয়ো খন জিলাৰ বিশেষকৈ সংখ্যালঘু এলেকাত নিতৌ জুৱাৰ মুকলি আড্ডা চলে৷ কিছুমান নিৰ্দিষ্ট ঘৰত বিদ্যুতৰ সংযোগ, আৰামদায়ক বহাৰ ব্যৱস্থা, মহ খেদাৰ ব্যৱস্থা, জাৰৰ দিনত দেহ গৰম কৰাৰ ব্যৱস্থা, গৰম পানী-শীতল পানীয়, খাদ্যৰ ব্যৱস্থা পৰ্যন্ত আছে ঘাটি সমূহত৷ বছৰ বছৰ ধৰি আৰক্ষী তথা গাঁওৰক্ষী বাহিনীয়ে এই কথা অৱগত হৈ আহিছে বুলি ৰাইজে অভিযোগ কৰে৷ এই পৰিৱেশে সংখ্যালঘু এলেকাৰ শিক্ষাৰ পৰিৱেশ আৰু জুৱাত সকলো হেৰুওৱা যুৱকে বক্ৰ পথেৰে ধন ঘটিবলৈ অনৈতিক কাৰ্যত লিপ্ত হয়৷   

তাৰ মাজতে নগাঁও জিলাত এগৰাকী আৰক্ষীৰ কনিষ্টবলক জুৱাৰীয়ে গুলীয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নগাঁও জিলাৰ ডুমডুমীয়া বজাৰত সংঘটিত হৈছিল এই ঘটনা৷ জুৱাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে গুলীয়াই হত্যা কৰে আৰক্ষীৰ লোকজনক৷

নিহত কনিষ্টবলজন অনিল দাস৷ আৰক্ষীৰ দল এটাই ১২ মে’ত ডুমডুমীয়া বজাৰত জুৱাৰ আড্ডা উৎখাত কৰিবলৈ যােৱাৰ সময়তে আৰক্ষীক লক্ষ্য কৰি দুৰ্বত্তৰ দলে গুলী চলাই৷ কনিষ্টবল অনিল দাসৰ দেহত কেইবাটাও গুলী লগাৰ ফলত ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসায়ত ভৰ্তি কৰে যদিও কিছুসময়ৰ পিছত মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ নিহত কনিষ্টবলজনৰ ঘৰ ঘাগৰিয়ালত। 

কিন্তু ৰাইজৰ অভিযোগ মতে ডুমডুমীয়াৰ জমচেৰ নামৰ ব্যক্তিজনৰ পুখুৰীপাৰত দীৰ্ঘদিন ধৰি চলি আছিল জুৱাৰ আড্ডা৷ এই কথা সকলোৱে জানিছিল যদিও কেতিয়াও ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল৷ এটি শক্তিশালী চক্ৰ জৰিত আছে জুৱাৰ বজাৰৰ সৈতে৷ পূৰ্বে সকলো পক্ষক মেনেজ কৰি এই জুৱাৰ বজাৰ চলি আছিল৷ কিন্তু জুৱাৰ বজাৰ খনে ভয়াবহ ৰূপ ধাৰণ কৰে৷ স্থানীয়ে ৰাইজ অধৈৰ্য হৈ পৰে৷ 

ফলত আৰক্ষীয়ে অভিযান চলাই আৰু এগৰাকী সাহসী জোৱানক অসমে হেৰুৱাব লগা হয়৷ প্ৰশাসনে পূৰ্বেই এইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছিল বুলি কয় ৰাইজে৷ ঘটনাৰ সৈতে জৰিত লোকৰ বিৰুদ্ধে একাংশ সংখ্যালঘু সংগঠনে বিহিত ব্যৱস্থা গ্ৰহণ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰু নগাঁও জিলাৰ সংখ্যালঘু এলেকাত চলা জুৱাৰ বজাৰ সমুলি উৎসাত কৰিবৰ বাবে দাবী জনায়৷ 

গুলীচালনাৰ ঘটনাৰ সৈতে জৰিত জালালুদ্দিনক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ডুমডুমীয়া বজাৰৰ জুৱাৰ ঘাটিৰ গৰাকী ছাদিকুল ইছলাম, ৰহমত উল্লাহতো ইতিমধ্য গ্ৰেপ্তাৰ কৰিছে৷ আনহাতে ছচিয়েল মিডিয়াত একাশ লোকে অসমৰ জাতীয় আৰু জনগোষ্ঠীয় নেতাসকলক উভতি ধৰে অসমত আৰক্ষীৰ লোক সংঘৰ্ষত শ্বহীদ হলে জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতাই তেওঁলোকৰ ন্যায়ৰ দাবীত প্ৰতিবাদ নকৰে বুলি প্ৰশ্ন উত্থাপন কৰে৷ বিশেষকৈ একাংশ লোকে ৰাজ্যৰ প্ৰতিটো বিষয়তে মতপোষণ কৰা কৃষক নেতা অখিল গগৈক উভতি ধৰি কিহৰ বাবে শ্বহীদ আৰক্ষীৰ পৰিয়াল আৰু ঘটনা সন্দৰ্ভত খবৰ নলয় বুলি কয় একাংশ লোকে৷