
মোৰাঝাৰঃ দৰিদ্ৰ ঘৰৰ লৰা-ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিলেহে এখন ভাল সমাজ গঠন হ’ব৷ মোৰ দেউতাই এমাহত হোজাইৰ ছয় গৰাকী প্ৰসূতি চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰাত মনত দুখ পায় হোজাইত এখন দাতব্য চিকিৎসালয় স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। সেই সময়ত আমাৰ কোম্পানী মাত্ৰ ২৫ শতাংশ আছিল। দেউতাৰ সেই সপোন আজি পূৰণ হল।
এখন অত্যাধুনিক চিকিৎসালয় গঢ় লৈ উঠিল। শীঘ্ৰে এইখন চিকিৎসা মহাবিদ্যালয় হৈ উঠিব। এই মন্তব্য ধুবুৰী সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলৰ৷ সোমবাৰে হোজাইৰ মৰ্কজ অকাডেমীত নবী চৰিত সপ্তাহৰ সামৰণি অনুষ্ঠানত অংশ লৈ এনেদৰে কয় সাংসদজনে৷ ৭ দিন ধৰি অনুষ্ঠিত হোৱা নবী চৰিত কাৰ্যসুচীৰ সোমবাৰে সামৰণি পৰে৷
৩২ খন স্কুলেৰে গঠিত মৰ্কজ ব'ৰ্ড অৱ স্কুলৰ অধীনস্থ আটাইকেইখন স্কুলত এসপ্তাহজোৰা কাৰ্যসুচীৰে নবী চৰিত সপ্তাহ অনুষ্ঠিত কৰা হৈছিল৷ বিগত সপ্তাহত ছাত্ৰ-ছাত্ৰী সকলক হজৰত মহম্মদৰ জীৱন আৰু কৰ্মৰাজিৰ আধাৰত তৰ্ক, কুইজ, বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ প্ৰতিযোগিতাসমুহত বিজয়ী ছাত্ৰসকলক হোজাই মৰ্কজ একাডেমীত দুদিনীয়াকৈ আয়োজিত নবী চৰিতৰ মুল কাৰ্যসুচীত প্ৰতিযোগী হিচাপে অংশ গ্ৰহণ কৰে৷
হোজাইৰ মৰ্কজ অকাডেমিত চামছুল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হায়দৰাবাদস্থিত মৌলানা আজাদ নেশ্যনেল উৰ্দু বিশ্ববিদ্যালয়ৰ ইছলামিক ষ্টাডি বিভাগৰ মুৰব্বী অধ্যাপক ড০ ফাহিম আখতাৰ নদবী৷ নদবীয়ে নবী চৰিত পালন কৰাত প্ৰশংসা কৰি হজৰত মহম্মদৰ জীৱন মানৱ জাতিৰ বাবে এক আদৰ্শ, এইধৰণৰ কাৰ্যসুচীয়ে বিদ্যাৰ্থীসকলক নবীজনাৰ জীৱন সম্পৰ্কে জ্ঞান লাভৰ সুযোগ পাব বুলি কয়৷
ভাষণ প্ৰসংগত তালাক সম্পৰ্কে বিতৰ্ক চলি থকা সময়ত বিভিন্ন সংবাদ মাধ্যমে কৰা সমালোচনাক সন্দৰ্ভত মন্তব্য কৰে। মুকলি সভাত অংশগ্ৰহণ কৰি ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে দাতব্য সেৱাৰ জৰিয়তে দৰিদ্ৰ শিশুৰ শিক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ প্ৰতিটো ঘৰৰ পৰাই দাতব্য সেৱাৰ আৰম্ভ হব পাৰে৷ মাউৰা লৰা-ছোৱালীৰ এজনক সামৰ্থবানসকলে বিত্তীয় পৃষ্টপোষকতা কৰিলে সমাজ সুন্দৰ হ’ব বুলি তেওঁ কয়৷ সভাৰ অন্তত বিগত সপ্তাহত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়।