
নগাঁওঃ ২০১৭ বৰ্ষৰ পাৰ হৈ গ’ল যদিও অসমীয়াক দি থৈ গ’ল ইতিহাসৰ সকলোতকৈ ভাল খবৰ৷ বছৰটো পাৰ হোৱাৰ অন্তিমটো দিন ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছৰে সোমবাৰে পুৱাৰে পৰা সেৱা কেন্দ্ৰ সমূহত মানুহৰ ভিৰ পৰিলক্ষিত হয়৷ ইয়াৰ ব্যতিক্ৰম নহ’ল নগাঁও জিলাও৷
জিলাখনৰ প্ৰান্তে প্ৰান্তে থকা সেৱা কেন্দ্ৰবোৰত পুৱাৰে পৰা উৎসুক জনতাই প্ৰচণ্ড ভিৰ কৰা দেখা যায়৷ বহু জল্পনা-কল্পনাৰ ওৰ পেলাই প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাত ৰাইজে নিজৰ লগতে পৰিয়ালৰ লোকসকলৰ নাম আছেনে নাই তাক জানিবৰ বাবে সেৱা কেন্দ্ৰবোৰত উবুৰি খাই পৰে ৰাইজ৷ ৰাইজে যাতে নিয়াৰিকৈ নামসমূহ চাব পাৰে তাৰে অৰ্থে জিলা প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰে৷
আনকি সেৱা কেন্দ্ৰসমূহত দেওবাৰৰ নিশাৰে পৰা আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত পহৰাৰ ব্যৱস্থা কৰাৰ বিপৰীতে সোমবাৰে প্ৰতিটো সেৱা কেন্দ্ৰত আৰক্ষী, গৃহৰক্ষী বাহিনীৰ লোক মোতায়ন কৰা দেখা যায়৷ যাৰ বাবেই সেৱা কেন্দ্ৰবোৰত ৰাইজে শান্তিপূৰ্ণভাবে নিজৰ তথা পৰিয়ালৰ আন লোকৰ নাম পৰীক্ষা কৰিবলৈ সক্ষম হয়৷
নতুন বছৰৰ প্ৰথমটো পুৱাই এন আৰ চিৰ খচৰা প্ৰকাশ হোৱাত স্বাভাবিকতেই উৎফুল্লিত হৈ পৰা নগঞা জনগণৰ বহুতেই পুৱাৰে পৰা মন্দিৰ, নামঘৰ তথা আন পবিত্ৰ স্থানত উপস্থিত হৈ নিজৰ লগতে দহৰ মংগল আৰু কুশলৰ কাৰণে প্ৰাৰ্থনাত মগ্ন হয়৷ ফলত এই স্থানবোৰতো যথেষ্ট ভিৰৰ উদ্ভৱ হয়৷ ইফালে, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ নাম প্ৰকাশিত খচৰাত নথকা বুলি জানিব পৰা গৈছে৷ বিধায়কজনৰ সাতজনীয়া পৰিয়ালৰ মাত্ৰ এজনৰহে নাম আহে খচৰাত৷ কিন্তু এই লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি উল্লেখ কৰি বিধায়কজনে সকলো প্ৰকৃত ভাৰতীয়ৰ নামেই এন আৰ চিত সন্নিবিষ্ট হ’ব বুলি মন্তব্য কৰে৷
বিধায়ক জনে উচ্চতম ন্যায়লয়ৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ উপৰিও যিসকলৰ নাম প্ৰথম খচৰাত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক মুঠেও শংকিত নহ'বলৈ আহ্বান জনায়। বিধায়ক হুদাই ৰূপহীহাটত ৭১চনৰ পিছৰ এজন লোক নাই বুলিও এক মন্তব্য আগবঢ়ায়।