ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী, শ্ৰেণীকোঠা এৰি ৰাজ পথলৈ ওলাই আহিল কণ কণ ছাত্ৰ-ছাত্ৰী

নগাঁওঃ শনিবাৰে দিনৰ ১ বজাৰ পৰা নগাঁও জিলাৰ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নগাঁও জিলা আমছু, স্থানীয় ৰাইজে পথ অৱৰোধ কৰি ধৰ্ষণকাৰীক শীঘ্ৰে আটক কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলা আমছুৰ উদ্যোগত নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ ভেটিয়নীত পথ অৱৰোধ কৰি ধৰ্ষণকাৰীক আটক কৰি ফাঁচী দিয়াৰ দাবী জনায়৷ 

স্থানীয় ক্ষোভিত ৰাইজে আমছুৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ ফলত হাজাৰ হাজাৰ পথচাৰীৰ লগতে গাড়ী-মটৰৰ চলাচল বন্ধ হৈ পৰে৷ ধিং ৰাজহ চক্ৰ বিষয়া মৃনাল বৰা, নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ বুজনিত প্ৰতিবাদৰ অন্ত পেলায় আমছুই৷ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ত মৃত্যুক আকোৱালি লোৱা কিশোৰীগৰাকীয়ে অধ্যয়ন কৰিছিল 

উল্লেখ্য যে, নগাঁৱৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্ত এমদাদুল হক আৰু ৰুহুল আমিনক নিশাই আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ মুল অভিযুক্ত জাকিৰ হুছেইনক এতিয়াও আটৰ কৰাব পৰা নাই আৰক্ষীয়ে৷ জাকিৰৰ ঘৰত শতাধিক পুৰুষ-মহিলাই আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে৷

নগাঁৱৰ বটদ্ৰৱাৰ ধনীয়াভেটীৰ লালুং গাঁৱত ১৩ বছৰীয়া নাবালিকাগৰাকীক প্ৰথমতে দলৱদ্ধ ধৰ্ষণ তাৰ পিছত কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা কৰিছিল তিনি পাষণ্ডই। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বটদ্ৰৱাৰ সমীপৰ এলেকাসমূহত সঘনাই চুৰি-ডকাইতি-হত্যা আদিৰ ঘটনাৰ লগতে নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই অহাত ইয়াৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ বিধান সভাৰ মজিয়াত দাবী উত্থাপন কৰিছিল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই। 

পিছত চিকিৎসালয়ৰ বিচনাত চটফটাই অৱশেষত মৃত্যৰ ওচৰত হাৰ মানে বটদ্ৰৱাৰ ধৰ্ষিতা ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে৷ পঞ্চম শ্রেণীৰ ছাত্রী তথা ১৩ বছৰীয়া কিশোৰী ধৰ্ষণৰ বলি হয় শুকুৰবাৰে দিনৰ ভাগত৷ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত তিনিগৰাকী যুৱকে প্ৰথমে ধৰ্ষণ পিছত জ্বলাই হত্যাৰ চেষ্টা কৰে কিশোৰীগৰাকীক৷ 

বহু পলমকৈ কিশোৰীগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে৷ তাৰ পিছতেই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয়ত মহাবিদ্যালয়লৈ আনি থকা অৱস্থাত আদবাটতে কিশোৰীগৰাকীয়ে মৃত্যুক আকোৱালি লয়৷ 

জানিব পৰা মতে, বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত দিনৰ দুই বজাত সংঘটিত হৈছে জঘন্য ঘটনা। লালুং গাঁৱৰ এঘৰত ঘৰত কোনো নথকাৰ সুযোগলৈ একে অঞ্চলৰে এগৰাকী ১৩ বছৰীয়া নাবালিকাক ঘৰৰ পৰা পথাৰলৈ উলিয়াই নি দলৱদ্ধ ধৰ্ষণৰ পাছত কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰিছিল৷