দীপাৱলীত কলগছৰ দাম উঠিল ২৫০ টকালৈ

নগাঁওঃ অমাৱশ্যাৰ ঘন আন্ধাৰ বিনাশী চৌপাশ আলোকিত কৰি তোলা পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ ৰাজ্যজুৰি বিৰাট উলহ মালহৰে আজি উদযপন কৰা হয়৷ 

স্মৰ্তব্য যে, বহু পুৰণি কালৰেপৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলে উচ্চ-নীচ ভেদাভেদ পাহৰি আলোকৰ এই অতি হেপাঁহৰ উৎসৱটি সৰ্বত্ৰে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সকলো সৰু-ডাঙৰ লোকসকলৰ মাজত পালন কৰি অহা হৈছে৷ 

তদনুযায়ী এইবাৰো পোহৰৰ উৎসৱটি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাটো ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰা হয় ৷ জিলাখনৰ সকলো গ্ৰামাঞ্চলতে আজি দেৱালীক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়৷ অৱশ্যে গ্ৰামাঞ্চলবোৰত একাংশ অসাধু ব্যৱসায়ীয়ে মইমতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি ঘটোৱাৰ হেতু কিছু পৰিমাণে দীপাৱলীৰ আনন্দ-উল্লাস ম্লান পৰে৷ 

তথাপিও তেনে সমস্যাৰ কথা ক্ষণিকৰ বাবে পাহৰি দেৱালীৰ ৰীতি-পৰম্পৰা বেছ ৰং-ৰহইচৰ মাজেৰেই ৰক্ষা কৰা পৰিলক্ষিত হয়৷ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোক আৰু ব্যৱসায়-প্ৰতিষ্ঠানৰ সন্মুখত কলপুলি পুতি তাত মাটিৰ চাকি আৰু মমবাতি জ্বলাই পোহৰৰ উৎসৱটি পালন কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ ফটকা, ফুলজাৰি আৰু আতচবাজিৰে আকাশ-বতাহ ৰজনজনাই তুলি চৌদিশে পোহৰৰ নানাৰঙী মায়াজাল সৃষ্টি কৰে৷ অৰ্থাৎ শব্দ আৰু নানাৰঙী পোহৰৰ খেলাই চঞ্চল কৰি পেলাই তমসাছন্ন নিশাৰ পৰিৱেশ৷ 

তদুপৰি একাংশ অত্যুৎসাহী বিত্তশালী ব্যক্তিয়ে নিজৰ আৱাসগৃহ আৰু প্ৰতিষ্ঠান আদি দুগুণ উৎসাহেৰে ৰঙীন বিজুলি বাতিৰে আটকধুনীয়াকৈ সজাই তোলা পৰিলক্ষিত হয়৷ ইফালে, অন্ধকাৰ নাশি ধৰাতল পোহৰাই তুলিবলৈ সক্ষম হোৱা এই উৎসৱত কিন্তু অপৰিহাৰ্য আপোনাৰ-মোৰ সবাৰে অতি চিনাকিবাৰীৰ কলপুলিটো৷ কাৰণ, এই কলপুলিটোক মূল আধাৰ হিচাপেলৈ চাকি বন্তি জ্বলোৱাৰ যি পৰম্পৰা অতীজৰেপৰা যুগ যুগ ধৰি চলি আহিছে সেয়া বৰ্তমানেও পৰিবৰ্তন হোৱা নাই৷ 

কাজেই, দীপাৱলীত স্বাভাৱিকভাৱেই বৃদ্ধি পায় কলপুলিৰ অভাৱনীয় চাহিদা৷ প্ৰকাশ যে, আলোকৰ মনপ্ৰাণ পুলকিত কৰা এই উৎসৱত অতিকে গুৰুত্ব তথা আদৰ লাভ কৰি অহা এজোপা কলগছৰ দাম এইবাৰ নগাঁৱৰ চহৰাঞ্চলত ২০০ টকালৈ বৃদ্ধি হোৱা দেখা গ’ল৷ সৰু আকাৰৰ একোটা কলপুলি ৯০-১২০ টকা আৰু ডাঙৰ একোটা কলপুলি ১৫০-২৫০ টকাত বিক্ৰী হয়৷ কিন্তু এনে বৰ্ধিত দাম আদায় দি হ’লেও চহৰাঞ্চলৰ লোকসকলে বিনাদ্বিধাই ক্ৰয় কৰিলে কলপুলি৷ 

উল্লেখ্য, সাধাৰণতে চহৰাঞ্চলত দুৰ্লভ এই কলপুলি একাংশ ব্যৱসায়ীয়ে গাঁৱৰপৰা খুব কম দামত ক্ৰয় কৰি এইবোৰ ঠেলা, টেম্প’, মিনি ট্ৰাক, ট্ৰেক্টৰ আদিৰে চহৰলৈ কঢ়িয়াই অধিক দামত বিক্ৰী কৰি মুনাফা লুটে৷ ফলত মাত্ৰ এটা দিনৰ বাবে বন্তি জ্বলোৱাৰ নামত কাটি খাস্তাং কৰা হ’ল হাজাৰ হাজাৰ কলগছ৷ ইফালে, কলপুলিজোপা পুতি তাত চাকি-বন্তি জ্বলাবৰ বাবে প্ৰয়োজন হোৱা বাঁহৰ কামি আকৌ প্ৰতিযোৰাত ৪০-৬০ টকা দৰত বিক্ৰী কৰে এচাম চতুৰ ব্যৱসায়ীয়ে৷