সুলভ মূল্যৰ ব্যৱসায়ীক প্ৰাপ্য আদায় দিয়াৰ দাবী

বঢ়মপুৰঃ নগাঁও জিলাৰ ডিফলু সমবায় সমিতি আৰু বঢ়মপুৰ সমবায় সমিতিৰ অন্তৰ্গত সূলভ মূল্যৰ ব্যৱসায়ী, সমবায় সমিতিৰ কৰ্মচাৰী আৰু পৰিচালনা সমিতিৰ পৃথকে পৃথকে দুখনকৈ সভা অনুষ্ঠিত হৈ যায়। মধ্য নগাঁও সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত বুধবাৰে ডিফলু সমবায় সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে ডিফলু সমবায় পৰিচালনা সমিতিৰ সভাপতি উপেন কলিতাই।

আনহাতে বঢ়মপুৰ শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্বত কৰে বঢ়মপুৰ সমবায় পৰিচালনা সমিতিৰ সভাপতি দিলীপ দাসে। মধ্য নগাঁও সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সম্পাদক আদিত্য শইকীয়াই দুয়োখন সভাতে সভাৰ উদ্দেশ্য বাখ্যা কৰি সদৌ অসম গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিৰ কৰ্মচাৰী সন্থা আৰু সদৌ অসম সূলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সিদ্ধান্ত অনুসৰি জানুৱাৰী মাহত খাদ্য সুৰক্ষাৰ চাউল বিতৰণ বন্ধ কৰাৰ স্বাৰ্থত সমবায় সমিতি সমূহক আৰ টি জি এছ নকৰিবলৈ আহ্বান জনায়।

মধ্য নগাঁও সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ মুখ্য উপদেষ্টা নীলৰঞ্জন শৰ্মা, উপদেষ্টা পূৰ্ণ বৰা, সভাপতি মোহন চন্দ্ৰ বৰা, উপ-সভাপতি ভৱানন্দ শইকীয়াই দুয়োখন সভাতে উপস্থিত থাকি সমবায় সমিতিসমূহৰ কৰ্মচাৰী সকলৰ লগতে সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ পাৰিশ্ৰমিক তথা সমবায় সমূহৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায়। ৰাজ্যৰ বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত সুলভ মূল্যৰ ব্যৱসায়ী, সমবায় সমিতিৰ কৰ্মচাৰীসকলক চৰকাৰৰ পৰা পাব লগা কমিচন, পৰিবহন ব্যয় আৰু শ্ৰমৰ মৰ্যদা দিবলৈ দাবী জনায় চৰকাৰক৷

ৰাজ্যত সম্প্ৰতি ১ কোটি ৫২ লাখ হিতাধিকাৰীৰ শুদ্ধ তালিকা এখন প্ৰস্তুত নোহোৱা পৰ্যন্ত ডিবিটি প্ৰক্ৰিয়া আৰম্ভ নকৰিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ লগতে দৰিদ্ৰ এজেন্টসকলৰ জীৱন জীৱিকাৰ স্বাৰ্থত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে উপভোক্তা হিতাধিকাৰী ৰাইজক সহযোগিতা আগবঢ়াবলৈকো আহ্বান জনোৱা হয়। সদৌ অসম সূলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ জিলা সমিতি সমূহৰ সভাপতি, সম্পাদক আৰু গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহৰ সভাপতি, সম্পাদকৰ উপস্থিতিৰে অহা ১২ ডিচেম্বৰত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অভিবৰ্তন সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়৷