
newsnextone.com | নগাঁওঃ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলাই ঘৰত অকলে থকাৰ সময়ত শনিবাৰে নিশা এটি যুৱকৰ দলে ধৰ্ষণৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ বটদ্ৰৱাৰ বৰভেটিত সংঘটিত হৈছে এই ঘটনা৷ মহিলাগৰাকীয়ে স্বামী নথকাত ঘৰত অকলে থকা অৱস্থাত মাজ নিশা চাৰিজনকৈ লোকে ধৰ্ষণৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হয়৷
ৰাজ্য কপোঁৱা নগাঁৱৰ বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা সময়তে পুনৰ বটদ্ৰৱাৰ বৰভেটিত এনে কাণ্ড সংঘটিত হোৱাত লজ্জানত হৈ পৰিছে সভ্য সমাজ৷ ইছলামধৰ্মীৰ পবিত্ৰ ৰমজান মাহ চলি থকাৰ সময়তে বটদ্ৰৱা থানাৰ অন্তৰ্গত বৰভেটি গাঁৱত সংঘটিত এই ঘটনাই পুনৰ লজ্জানত কৰিলে বটদ্ৰৱাবাসীক৷ শনিবাৰে নিশা ২ বজাত বৰভেটিৰ অতি দৰিদ্ৰ ৫ সন্তানৰ মাতৃ এটি উৰুখা পঁজাত শুই থকা অৱস্থাত একে গাঁৱৰে চাৰি চাৰিজনকৈ লোকে ঘৰৰ বেৰ ভাঙি প্ৰথমে মহিলাগৰাকীক চোকা অস্ত্ৰৰে আঘাত কৰে।
পিছত অসহায় মহিলাগৰাকীৰ কাপোৰ ফালি ধৰ্ষণৰ চেষ্টা চলাই নৰপিশাচে সদৃশ লোককেইজনে। মহিলাগৰাকী আৰু সন্তানে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া দৌৰি আহে।স্থানীয় লোক উপস্থিত হোৱাত নৰপিশাচ কেইটাই অসহায় মহিলাগৰাকীক পথাৰত এৰি পলায়ন কৰে। পিছত চুবুৰীয়াই পথাৰৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীক।
ঘটনা সংঘটিত হৈ যোৱাৰ পাচতেই স্থানীয় ৰাইজে বটদ্ৰৱা আৰক্ষী থানাত খবৰ দিয়ে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে আৰক্ষী উপস্থিত নোহোৱাত ৰাইজ ক্ষুন্ন হৈ পৰিছে। আনকি দুৰ্ভগীয়া আঘাত প্ৰাপ্ত মহিলাগৰাকী নিজ গৃহতে পৰি ৰয়। মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ আছে। আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা আৰু নিশাই খবৰ দিয়াৰ পিছতো আৰক্ষী উপস্থিত নোহোৱাত স্থানীয় মহিলাই ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে।
মহিলাগৰাকীয়ে নিজ ঘৰৰ পৰা কিছু নিলগৰ আব্দুল নছৰ আৰু আব্দুল চালাম সহ চাৰিজলকৈ লোকে এি কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷ অসহায় মহিলাগৰাকীৰ স্বামী শনিবাৰে ঘৰত নাছিল।