
নগাঁওঃ বিধায়িকা আঙুৰলতা ডেকাই বিধানসভাৰ মজিয়াত লম্ফ-জম্ফ কৰি ৰাইজক আকৰ্ষিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে যদিও বাস্তৱত আঙুৰলতা ডেকা সমষ্টি উন্নয়নৰ ক্ষেত্ৰত ফেইল বুলি অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে খোদ সমষ্টিৰ ৰাইজে৷
বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ তিনিটা বছৰ অতিক্ৰম কৰিবলৈ হ’ল যদিও সভা-সমিতি অনুষ্ঠিত কৰি বৰ ভাষণ দিয়াৰ বাহিৰে আন বিশেষ কাম কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে সমষ্টিৰ ৰাইজে৷
বিশুদ্ধ খোৱাপানী, কৃষি, স্বাস্থ্য আদিৰ লগতে সমষ্টিটোৰ বিভিন্ন পথ সমূহ মেৰামতি কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ সমষ্টিটোৰ ৭০ শতাংশ পথ আজিও জৰাজীৰ্ণ বুলি কয় সমষ্টিৰ ৰাইজে৷ বিভিন্ন সময়ত ৰাইজে সমষ্টিৰ বাট-পথ সমূহ মেৰামতি কৰাৰ দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷
তাৰ মাজতে স্বাধীনতাৰ ৭০ বছৰৰ পাছতো অৱহেলিত বটদ্ৰৱা সমষ্টিৰ বোৱালগুৰি গাঁৱৰ ৰাইজে শ্ৰমদান কৰি পথ মেৰামতি কৰিবলৈ ওলাই আহে সোমবাৰে। গাঁও খনৰ বিভিন্ন সমস্যাৰ লগতে মূল পথটোৰ দুৰৱস্থাই ৰাইজে যমৰ যাতনা ভোগ কৰি আহিছে৷ চৰকাৰ আহিল আৰু গ'ল। কিন্তু গুৰুত্ব প্ৰদান নকৰিলে গাঁও খনৰ সমস্যাক৷
সোমবাৰে চৰকাৰ মহাৰাজ-বিধায়িকাৰ আশা এৰি ঘৰৰ কাম বন এৰি হাতে হাতে কোৰ, পাচি লৈ ওলাই আহিল মহিলা। ৰঙালী বিহুৰ প্ৰাকক্ষণত অঞ্চলটোৰ মহিলাসকলে হাতত তুলি লব লাগিছিল মাকো আৰু বহিব লাগিছিল তাতৰ শালত৷ কিন্তু কোৰ আৰু পাচি লৈ ৰাস্তাৰ কাম কৰিব লগা হোৱা কাৰ্যই ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটোকে উদঙাই দিছে বুলি কয় একাংশ লোকে।
সমষ্টিটোৰ অন্তৰ্গত বোৱালগুৰি গাঁৱৰ পুস্পাঞ্জলী আত্মসহায়ক গোটৰ মহিলাসকলে তিনিদিন ধৰি মুৰত পাচি আৰু হাতত কোৰ লৈ পথ নিৰ্মাণ কৰে। বিগত ১৫ বছৰ শাসনত থকা কংগ্ৰেছ চৰকাৰ তথা প্ৰাক্তন বিধায়ক গৌতম বৰাই কোনো পদক্ষেপ গ্ৰহন নকৰাৰ বিপৰীতে বৰ্তমানৰ সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাইও নিজৰ কাৰ্যকালত দুটা বছৰত পথটোক গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷
যাৰ বাবেই বিধায়িকাগৰাকীৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে গাঁও খনৰ মহিলাসকলে। গাঁও খনৰ মহিলাসকলে অভিযোগ উত্থাপন কৰি নিৰ্বাচনৰ সময়ত বিধায়িকাগৰাকীয়ে জৰাজীৰ্ণ পথটোৰে আহিয়েই নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজক বহু প্ৰতিশ্ৰুতি দিছিল বুলি ক্ষোভ উজাৰে৷
কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাছৰে পৰা মহিলাসকলে বিধায়িকা আঙুৰলতা ডেকাক দেখা নাই বুলি কয়৷ বাৰিষা অহাৰ পূৰ্বেই ৰজাঘৰীয়ালৈ বাট নাচাই নিজেই পথ মেৰামতিত লাগিছে মহিলাসকলে।