৭ বছৰে বিকল বাটমাৰী বিলপাৰ পানী যোগান আঁচনি, বটলৰ পানী কিনি খোৱা নেতাই গুৰুত্ব দিব কেতিয়া

নগাঁওঃ ৰাজ্য খনৰ গ্ৰাম্য অঞ্চলত অলেখ খোৱাপানী যোগান আঁচনি আছে৷ যোৱা ত্ৰিশ বছৰত কংগ্ৰেছ আৰু অগপ দলৰ চৰকাৰৰ সময়ত গাঁৱে-ভূঞে বিশুদ্ধ খোৱাপানীৰ যোগানৰ স্বাৰ্থত পানী যোগান আঁচনি সমূহ স্থাপন কৰিছিল৷ এনে আঁচনি সমূহে নিৰ্মাণৰ দুই-তিনি বছৰলৈকে পানী যোগান ধৰিছিল যদিও অলেখ পানী যোগান আঁচনি এতিয়া হাবি-জংঘলে আৱৰি আছে৷

এই আঁচনি সমূহ এতিয়া ভেকোভাঁওনাত পৰিণত হৈছে৷ মেৰামতিৰ অভাৱত জহি-খহি গৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়ে এই আঁচনি সমূহত কাম কৰি চৰকাৰী দৰমহা লৈ আহিছে যদিও চৰকাৰে আঁচনি সমূহ মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰা দেখা নাযায়৷ এক কথাত কবলৈ গলে অসমত চৰকাৰি আঁচনিৰ এটোপাল বিশুদ্ধ খোৱাপানী খাবলৈ পোৱাতো এতিয়া এক প্ৰকাৰ সৌভাগ্যৰ কথা৷

কিয়নো চৰকাৰৰ মন্ত্ৰী, আমোলা-বিধায়ক সকলৰ বাবে এনে পানী যোগান আঁচনিৰ পানী প্ৰয়োজন নাই৷ তেওঁলোকে বটলৰ পানী কিনি খোৱা পৰিলক্ষিত হয়৷ কিন্তু গাঁৱৰ খেতিয়ক-দৰিদ্ৰ শ্ৰমিকসকলে বটলৰ পানী কিনি খাবলৈ সক্ষম নহয়৷ গাঁৱত চৰকাৰে স্থাপন কৰা পানী যোগানৰ আঁচনিটোৱে তেওলোকৰ শেষ ভৰষা আছিল৷ কিন্তু বছৰ বছৰ ধৰি এনে আঁচনি বিকল হৈ থকাত বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈছে হাজাৰ হাজাৰ লোক৷

তাৰ মাজতে যোৱা বিধান সভা নিৰ্বাচনত বিজেপি দলে প্ৰতিখন সভাত বিশুদ্ধ পানী যোগান দিয়াৰ কথা উল্লেখ কৰিছিল৷ কিন্তু চৰকাৰ গঠন হোৱাৰ ২ বছৰ পাৰ হ’ল যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতি ঘুৰি চাবলৈ আঁহৰি পোৱা নাই চৰকাৰে৷ ‘সবকে সাথ সবকা বিকাশ’ৰ শ্ল’গানেৰে ক্ষমতাৰ গাদী দখল কৰা মিত্ৰজোঁটৰ চৰকাৰ খনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে যে সবকা সাথ সবকা বিকাশ কৰিব পৰা নাই তাৰ অলেখ উদাহৰণ আছে৷

জ্বলন্ত উদাহৰণ হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তত জনস্বাস্থ্য কাৰিকৰি বিভাগে স্থাপন কৰা পানী যোগান আঁচনিসমূহ৷ কাৰণ এই ব্যয়বহুল আঁচনিৰ অধিকাংশই বছৰ বছৰ ধৰি বিকল হৈ থকাটোৱে তাকেই প্ৰমানিত কৰিছে ৷ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধিং উপ-সংমণ্ডলৰ অধীনস্থ বাটমাৰী বিলপাৰ পানী যোগান আঁচনিখন অন্যতম উদাহৰণ ৷

এই আঁচনিখন প্ৰায় ছয় বছৰ ধৰি বিকল হৈ আছে বুলি অঞ্চলবাসীয়ে জানিবলৈ দিয়ে। এনেদৰে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে দীৰ্ঘদিনে আঁচনিখন  বন্ধ হৈ থকাত বৃহত্তৰ অঞ্চলবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ লোকসকলে বীজাণু যুক্ত পানী সেৱন কৰি নানান ধৰণৰ বেমাৰ -আজাৰত আক্ৰান্ত হৈ দিনে- দিনে ৰোগাক্ৰান্ত হৈ পৰিছে।

আনকি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকাৰ ফলতেই প্ৰায়েই এই অঞ্চলৰ লোকসকল ডায়েৰীয়া, কলেৰা, পয়ালগা আদিৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আহিছে বুলি জানিব পৰা গৈছে। কোৱা বাহুল্য মাথোন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধিং উপ-সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১০  কিলোমিটাৰ নিলগৰ আঁচনিখনে আজিকোপতি বিভাগৰ দৃষ্টিত নপৰিল। সেয়াও এক পৰিতাপৰ বিষয় হিচাপে চিহ্নিত হৈছে । কাজেই, কেৱল মাত্ৰ চৰকাৰী ধন অপচয়ৰ বাহিৰে নামতহে আঁচনি খন স্থাপন কৰিলে বুলি অঞ্চলবাসীয়ে ক্ষোভ ব্যক্ত কৰিছে । সেয়ে পৰিৱৰ্তনৰ সপোন দেখুৱাই দিছপুৰৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে খোৱা পানীৰ সমস্যা শীঘ্ৰে সমাধান কৰিব বুলি আশাৰে বাট চাই ৰৈছে বৃহত্তৰ বাটমাৰীবাসী ৰাইজে ৷