
নগাঁওঃ সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা ১৩ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক নেহৰুবালি আৰু ডচন স্কুল খেলপথাৰত অনুষ্ঠিত হ’ব ভোগালী বিহু উৎসৱ৷ ১৩ জানুৱাৰীত ডচন স্কুল খেলপথাৰত উৰুকাৰ বজাৰ, জনগোষ্ঠীয় খাদ্য মেলা আৰু ভেলাঘৰত নাম-কীৰ্তন আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব৷
১৪ জানুৱাৰীত একেটা স্থানতে পুৱাৰ ভাগত মেজি প্ৰজ্বলনেৰে অগ্নি সেৱা, বয়োজ্যেষ্ঠ নাগৰিকক অসমীয়াৰ পৰম্পৰা অনুসৰি শ্ৰদ্ধা জ্ঞাপন আৰু বিহুৰ সমূহীয়া জলপান গ্ৰহণ কৰা হ’ব৷ দুপৰীয়া ঐতিহাসিক নেহৰুবালিৰ বাকৰিত বিহুৰ পতাকা উত্তোলনৰ লগতে প্ৰদৰ্শনীমূলক ৰে’ল আৰু আত্মসহায়ক গোটৰ বিপনী মুকলি কৰা হ’ব৷
সন্ধ্যা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ ১৫ জানুৱাৰীত পুৱা ১১ বজাত এটি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে পৰ্যায়ক্ৰমে চাইকেল প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, বোৱাৰীৰ বিহুনৃত্য প্ৰতিযোগিতা আৰু দিবা-নৈশ ভলিবল প্ৰতিযোগিতা আদিৰ অন্তত সন্ধ্যা সদৌ অসম ভিত্তিত বিহুকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷
১৬ জানুৱাৰীত দিনৰ ভাগত বিষ্ণুৰাভা সংগীত, স্ব-নিৰ্বাচিত কবিতা আবৃতি, মহিলাৰ পৰম্পৰাগত সাজপাৰ, মহিলাৰ মাজত পিঠা বনোৱা আদি প্ৰতিযোগিতাৰ লগতে সন্ধ্যা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ ১৭ জানুৱাৰীত পুৱাৰ ভাগত জ্যোতি সংগীত আৰু ভেশচন প্ৰতিযোগিতাৰ পিছতে বিয়লি প্ৰীতি সন্মিলন, বঁটা বিতৰণী তথা স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ’ব৷ সন্ধ্যা অনুষ্ঠিত হ’ব এখন বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান৷