গুৰুজনাৰ জন্মস্থানত অাৱিৰ্ভাৱ তিথি পালন

নগাঁওঃ অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিভাগ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাতো উলাহ-মালহেৰে পালন কৰা হয়৷ জিলাখনৰ গ্ৰাম্যঞ্চলৰ আকাশ-বতাহ হৰিনামৰ অমিয়া সুৰৰ লগতে ঘোষা, পুথিপাঠ তথা খোল-তাল, নাগাৰা, ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা মাংগলিক ধ্বনিৰ সমাহাৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়৷

পুৱাৰে পৰা গ্ৰাম্যঞ্চলবোৰৰ প্ৰতিটো নামঘৰতে ভক্তসৱে সমবেত হৈ ঐক্য-সংহতিৰ উৎকৃষ্ট নিদৰ্শনেৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোয়ে উচ্চ-নীচ ভেদাভেদ পাহৰি ধূতি, চাদৰ, মেখেলা আদি পৰিধান কৰি আৰু ডিঙিত ফুলাম গামোচা লৈ পৰম্পৰাগতভাৱে ঘোষা, পুথিপাঠ, নাম-কীৰ্তন আৰু খোল-প্ৰসংগৰ অন্তত বিয়লি মাহ-প্ৰসাদ আৰু ভোগ বিতৰণেৰে মহাপুৰুষজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদি জন্মোৎসৱটি উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰে৷

যাৰ ফলত গ্ৰামাঞ্চলৰ নামঘৰে নামঘৰে ধূপ-ধূনা, ফল-মূলৰ আমোল-মোলোৱা সুৱাস তথা চাকি-বন্তি, শৰাই, নৈবদ্য আদিৰে ভৰি পৰি নান্দনিক পৰিবেশৰ উদ্ভৱ ঘটাই শিশু-মহিলা-আৱাল-বৃদ্ধ-বণিতা সকলোৰে মন পুলকিত কৰি তোলে৷ ইফালে, জিলাখনৰ ঠায়ে ঠায়ে একাংশ নামঘৰ, সত্ৰ, সংঘ নতুবা আন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদিত মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি নাম-কীৰ্তনৰ উপৰি ধৰ্মীয় শোভাযাত্ৰা, আলোচনাচক্ৰ, বক্তৃতানুষ্ঠান, অংকীয়া ভাওনা প্ৰদৰ্শন, সত্ৰীয়া নৃত্য-গীতৰ অনুষ্ঠানকে ধৰি নানা সাংস্কৃতিক কাৰ্যসূচী নগঞা ধৰ্মপ্ৰাণ ৰাইজে ৰূপায়ণ কৰে৷ তদুপৰি সন্ধিয়া নগঞাৰাইজে গ্ৰাম্যঞ্চলবোৰৰ প্ৰতিঘৰ গৃহস্থিৰে পদূলিত বন্তি প্ৰজ্বলনেৰে মহাপুৰুষজনাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰে৷