চৰাইবাহী জুনিয়ৰ কলেজৰ এশ শতাংশ উত্তীৰ্ণ

জয়ন্ত মুদৈ, নগাঁওঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী অঞ্চল বৰভগীয়াৰ বকুলতলত থকা চৰাইবাহী জুনিয়ৰ কলেজৰ এশ শতাংশ উত্তীৰ্ণৰ হাৰে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷

এইবাৰ শিক্ষানুষ্ঠানখনৰপৰা কলা শাখাত অৱত্তীৰ্ণ হোৱা মুঠ ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আটাইকেইগৰাকী সুখ্যাতিয়ে উত্তীৰ্ণ হৈছে৷ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ১০ গৰাকীয়ে প্ৰথম বিভাগ, ২১ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷

ইয়াৰে এগৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰা বিপৰীতে ৭ গৰাকীয়ে অসমীয়া, ৩ গৰাকীয়ে তৰ্কশাস্ত্ৰ আৰু দৰ্শন, ২ গৰাকীয়ে শিক্ষা আৰু ১ গৰাকীয়ে ৰাজনীতি বিজ্ঞান বিষয়ত লেটাৰ মাৰ্ক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

শিক্ষানুষ্ঠানখনৰ এনে সাফল্যক লৈ স্থানীয় ৰাইজৰ মাজত উৎসাহৰ ঢল বোৱাৰ লগতে সকলোয়ে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে৷